ৰাষ্ট্ৰীয়

চৰকাৰক কি হুংকাৰ দিলে কৃষক নেতা ৰাকেশ টিকাইতে…

asomiyapratidin

ডিজিটেল ডেস্ক : কৃষি আইনৰ বাবে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ সৈতে আলোচনাত বহিছে যদিও কোনো ধৰনৰ সমাধান সূত্ৰ ওলোৱা নাই । আজি প্ৰতিবাদী কৃষক সকলে ৰেল ৰোকো আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰে । কৃষক নেতা ৰাকেশ টিকাইটে কয় যে কৃষকৰ দাবী সমূহ মানি নলোৱা পৰ্যন্ত অব্যাহত থাকিব কৃষকৰ আন্দোলন ।

হাৰিয়ানাৰ খৰক পুনিয়াত ৰাকেশ টিকাইতে কয় যে, " কৃষকসকলে তেওঁলোকৰ শস্য কটাবলৈ নিজ নিজ ঠাইলৈ উভতি যাব। যদি ইযাৰ বাবে হেচা প্ৰয়োগ কৰে তেনেহ'লে শস্য সমূহ জ্বলাই দিয়া হ'ব । তেওঁলোকে ভাবিব নালাগে যে আন্দোলন দুমাহৰ ভিতৰত শেষ হ'ব। আমি শস্য কটাৰ লগতে প্ৰতিবাদতো কৰি যাম" ।