ৰাষ্ট্ৰীয়

কথমপি প্ৰাণৰক্ষা! চোচৰাই নিলে স্কুটী, বাছৰ তলত আৰোহী… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৰালাত কথমপিৰক্ষা পৰিল এগৰাকী স্কুটী আৰোহী। এখন বাছে চোচৰাই নিলে এখন স্কুটী। বাছখনৰ তলত সোমাইযায় স্কুটী আৰোহীজন। কিন্তু সৌভাগ্যবশত লোকজন কিছু আহত হৈছে যদিও গুৰুতৰভাৱে তেওঁআঘাতপ্ৰাপ্ত হোৱা নাই।

সোমবাৰে কেৰেলাৰ এনগাপুঝাত সংঘটিত এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত। অঞ্চলটোৰ এটা বাছ আস্থানৰ নিচেই সমীপত ব'গা ৰঙৰ স্কুটীখনত খুন্দা মাৰে এই ব্যক্তিগত বাছখনে। তাৰপাছতেই কিছু দূৰলৈ বাছখনে চোচৰাই নিয়ে স্কুটীসহ আৰোহীজনক। দুৰ্ঘটনাৰ পাছতেই উক্ত স্থানত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ-বাখৰ কৰি বাছখন ৰখায়।