ৰাষ্ট্ৰীয়

চৌদিশে মৃত্যুৰ কিৰিলি, কেৰালাত পৰ্যটকৰ নাওঁ ডুবি মৃত্যু ২১ জনৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : চৌদিশে কেৱল মৃত্যুৰ কিৰিলি । কি মণিপুৰ, কি মধ্যপ্ৰদেশ । সমগ্ৰ দেশক যেন চানি ধৰিছে মৃত্যুৰ বগা চাদৰে । এইবাৰ কেৰালাৰ মালাপ্পুৰম জিলাৰ টানুৰ ঘাটৰ কাষতেই সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা । ৰবিবাৰে সন্ধিয়া প্ৰায় ৩০ জন লোকসহিতে তুভালথীৰম সমুদ্ৰ তীৰত ডুব গ'ল এখন পৰ্যটকৰ নাওঁ । কোনো অজ্ঞাত কাৰণত নাওঁখন পানীৰ মাজতেই উলটি যোৱাত নাওঁখনত আৱদ্ধ হৈ পৰে যাত্ৰীসকল । স্থানীয় লোক আৰু উদ্ধাৰকাৰীৰ সহযোগত পৰৱৰ্তী সময়ত যাত্ৰীসকলক সুকলমে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও তেতিয়ালৈ মৃত্যুবৰণ কৰিছিল ২১ জন লোকে ।

উল্লেখ্য যে, দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা সৰহসংখ্যকেই আছিল শিশু আৰু মহিলা যি স্কুলীয়া বন্ধৰ বাবে নৌকাবিহাৰলৈ আহিছিল উক্ত স্থানত । বৰ্তমানলৈ উদ্ধাৰকাৰীসকলে ২১জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু দুৰ্ভাগ্যবশত: মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলিও আশংকা কৰা হৈছে আগন্তুক সময়ত ।

এই দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সহিত বহু কেইগৰাকী কেন্দ্ৰীয় তথা কেৰালাৰ ৰাজ্যিক মন্ত্ৰীয়ে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ তথা আহতসকললৈ চিকিৎসাৰ সুব্যৱস্থা ঘোষণা কৰিছে ।