ৰাষ্ট্ৰীয়

কৰ্ণাটকত অটুট থাকিবনে এইচ ডি কুমাৰস্বামীৰ চৰকাৰ! আজি আস্থা ভোট…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা কণাৰ্টকত চলি ৰাজনৈতিক সংকটৰ যেন আজি অন্ত পৰিব। এইচ ডি কুমাৰস্বামীৰ চৰকাৰৰ আস্থা ভোটেৰে আজি ভৱিষ্যৎ নিৰূপন কৰিব বিধায়কসকলে। ইতিমধ্যে বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে সাক্ষাৎ কৰিছে কংগ্ৰেছৰ বিধায়কসকলক।

ইফালে জে ডি এছৰ বিধায়কসকলক হুইপ জাৰি কৰা হৈছে যে তেওলোকে সকলোৱে যাতে চৰকাৰৰ সপক্ষত ভোট প্ৰদান কৰে। লগতে আজি বিধানসভাত যি সকল জে ডি এছৰ বিধায়ক অনুপস্থিত থাকিব তেওলোকক দলৰ সদস্য পদ কৰ্তন কৰা হ'ব বুলিও নিৰ্দেশ জাৰি কৰা হৈছে।