ৰাষ্ট্ৰীয়

ঝাৰখণ্ডত উদ্ধাৰ দুটি শিশুৰ মুণ্ডহীন মৃতদেহ, নৰবলিৰ সন্দেহ আৰক্ষীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত বৃহস্পতিবাৰে শিৰচ্ছেদ কৰা অৱস্থাত উদ্ধাৰ দুটা মৃতদেহ। ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ দুটি শিশুৰ মুণ্ডহীন মৃতদেহ। স্থানীয় লোকে মৃতদেহ দুটা প্ৰত্যক্ষ আৰক্ষীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। আৰক্ষীয়ে শিশু দুটি বলি দিয়াৰ সন্দেহ ব্যক্ত কৰে।

ইফালে, মৃতদেহ দুটি ক্ৰমে নিৰ্মল অৰাও আৰু ছিলাকুমাৰীৰ বুলি চিনাক্ত কৰা হয়। ইফালে, স্থানীয় একাংশ ৰাইজে সুনীল অৰাও নামৰ এজনলোকক এই ঘটনাৰে জড়িত বুলি অভিযোগ কৰে। আৰক্ষীয়ে লগতে জনায় যে, উক্ত ঘটনা সন্দৰ্ভততদন্ত আৰম্ভ কৰা হৈছে। দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ'ব। বৰ্তমান দেশত এনেদৰে প্ৰায়েঅন্ধবিশ্বাসৰ বলি হৈছে শিশুৰ পৰা বৃদ্ধলৈ। উল্লেখ্য যে, যোৱা ১৯ জুনত মহানগৰীৰকামাখ্যা ধামতো উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ।