ৰাষ্ট্ৰীয়

ভাৰত ভ্ৰমণৰ বাবে আহিব জাপানৰ প্ৰধানমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা। অহা ২০ আৰু ২১ মাৰ্চত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ কৰাৰ ক্ষেত্ৰত আলোচনা হোৱাৰ সম্ভাৱণা আছে।

জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত মিলিত হব বৈঠকত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে , "জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই ২০ ৰ পৰা ২১ মাৰ্চত ভাৰতত চৰকাৰী ভ্ৰমণ কৰিব।"

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ৰ সভাপতিত্ব আৰু জি-৭ ৰ জাপানৰ সভাপতিত্বৰ বাবে অগ্ৰাধিকাৰৰ বিষয়েও আলোচনা কৰিব।