ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ…

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ তিনিজন নেতাই নিজৰ দলৰ মুৰব্বী মহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ হৈ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা নেতা কেইগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, মহবুবা মুফতীৰ মন্তব্যই তেওঁলোকৰ দেশভক্তিৰ ভাৱনাত আঘাত হানিছে।

উল্লেখ্য যে, টি এছ বাজৱা, বেদ মহাজন আৰু হুছেইন এ ৱফাই পদত্যাগ কৰিছে। পাৰ্টীটোৰ অধ্যক্ষ মহবুবা মুফতীক লিখা এক পত্ৰত তেওঁ লিখিছে- 'তেওঁ কৰা কিছু কাৰ্য আৰু মন্তব্যৰ বাবে আমি অসহজ অনুভৱ কৰিছো। যি কথাই বা কামে দেশভক্তিৰ ভাৱনাত আঘাত পেলায়।'