ৰাষ্ট্ৰীয়

অইন দেশৰ পৰা অনৈক্যৰ মাজত ঐক্যতাৰ উদাহৰণৰ শিক্ষা লোৱাৰ প্ৰয়োজন নাই বুলি জনালে ভাৰতীয় জাতীয় কংগ্ৰছে...

Asomiya Pratidin

ডিজিটেল সংবাদ : ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী ৰূপে ভাৰতীয় মূলৰ তথা ব্ৰিটেইনৰ সংখ্যালঘু হিচাপে গণ্য কৰা সম্প্ৰদায়ৰ ঋষি চুনাক নিৰ্বাচিত হোৱাৰ পাছতেই সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল । প্ৰায় ২০০ বছৰ এখন সমাজক শোষন, অৱদমন কৰাৰ পাছত সেই সমাজৰেই বংশোদ্ভৱ এগৰাকীক দেশখনৰ আটাইতকৈ উচ্চতম পদবীৰ বাবে নিৰ্বাচিত কৰা ঘটনাই নিশ্চয়কৈ ব্ৰিটেইনৰ লোক সকলৰ নব্য উদাৰবাদী নীতিক আঙুলিয়াই দিয়ে । একে সময়তেই ই এক দৃষ্টান্তমূলক ঘটনাও ।

তেনে সময়তেই ব্ৰিটেইনৰ পদক্ষেপৰ পৰা ভাৰতীয় ৰাজনৈতিক দল সমূহক শিক্ষা গ্ৰহণ কৰিবলৈ পাকে প্ৰকাৰে আহ্বান জনাই দলীয় ৰোষৰ বলি হ'ল জ্যেষ্ঠ নেতাদ্বয় ক্ৰমে পি চিদাম্বৰম আৰু শশী থাৰুৰ । দুয়ো গৰাকী নেতাই পৃথকে পৃথকে দিয়া দুটা টুইটত ব্ৰিটেইনৰ এই পদক্ষেপৰ প্ৰশংসা কৰি সংখ্যাগৰিষ্ঠতাবাদত বিশ্বাসী ভাৰতীয় দল সমূহক শিক্ষা ল'বলৈ আহ্বান জনাইছিল ।

তাৰ পাছতেই মঙলবাৰে এক সংবাদ মেলৰ জৰিয়তে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ক্ষোভ উজাৰে নেতা দুগৰাকীৰ বিৰুদ্ধে । জয়ৰাম ৰমেশৰ মন্তব্য অনুসৰি, ভাৰতে অইন দেশৰ পৰা ঐক্যতাৰ উদাহৰণ লোৱাৰ প্ৰয়োজন নাই । ইতিমধ্যেই সংখ্যালঘু সম্প্ৰদায়ৰ পৰা ভাৰতে নিৰ্বাচন কৰিছে বহু কেইগৰাকী ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী তথা জ্যেষ্ঠ নেতাক । তেনেস্থলত ইতিমধ্যেই উদাৰনীতিৰে পৰিপুষ্ট ভাৰতীয় ৰাজনীতিৰ ইতিহাস । জাকিৰ হুছেইন, ফকৰুদ্দিন আলি আহমেদ আৰু আব্দুল কালাম আজাদক ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচন কৰাৰ দিনাই ভাৰতে সংহতিৰ প্ৰমাণ দিছিল বুলি জনাই নেতা গৰাকীয়ে ।

আনহাতে, তেনে আদৰ্শৰেই ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিছিল 'ভাৰত জোড়ো যাত্ৰা' বুলিও উল্লেখ কৰে জয়ৰাম ৰমেশে ।