হাতে হাতে তৰোৱাল লৈ ৰাজপথত খালিস্তানৰ সমৰ্থক ! ইণ্টাৰনেত, এছ এম এছ সেৱা কৰ্তন...
হাতে হাতে তৰোৱাল লৈ ৰাজপথত খালিস্তানৰ সমৰ্থক ! ইণ্টাৰনেত, এছ এম এছ সেৱা কৰ্তন... 
ৰাষ্ট্ৰীয়

হাতে হাতে তৰোৱাল লৈ ৰাজপথত খালিস্তানৰ সমৰ্থক ! ইণ্টাৰনেত, এছ এম এছ সেৱা কৰ্তন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অমৃত পাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পাছতে সমগ্ৰ পাঞ্জাৱত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। পৰিস্থিতি যাতে কোনো কাৰণতে অৱনতি নহয় তাৰ বাবে পঞ্জাৱ আৰক্ষী সতৰ্ক হৈ আছে। ঠায়ে ঠায়ে স্থাপন কৰিছে তালাচী চকী।

এনে সুৰাক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো পঞ্জাৱৰ ঠায়ে ঠায়ে একাংশ লোকে হাতে হাতে অস্ত্ৰ লৈ ৰাজপথলৈ ওলাই অহাৰ দৃশ্য প্ৰকাশ পাইছে। ঠায়ে ঠায়ে অমৃত পালৰ সমৰ্থকে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হোৱাৰো দৃশ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, ১৮ মাৰ্চ শনিবাৰে পঞ্জাৱৰ জলন্ধৰৰ দাঁতি কাষৰীয়া মেহতপুৰ নামৰ ঠাইৰ পৰা  'ৱাৰিছ পাঞ্জাৱ ডে' নামৰ সংগঠনটোৰ নেতা তথা খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙৰ লগতে তেওঁৰ সহযোগী আন ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। অমৃত পাল সিঙক গ্ৰেপ্তাৰৰ বাবে পঞ্জাৱ আৰক্ষীয়ে সমৰ সদৃশ প্ৰস্তুতি চলাইছিল। প্ৰায় ১০০ খন বাহনেৰে খেদি খেদি গৈ ডেৰ ঘণ্টাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

তেওঁক গ্ৰেপ্তাৰৰ পাছতে ইণ্টাৰনেট সেৱাৰ লগতে এছ এম এছ সেৱাও কৰ্তন কৰা হৈছে। পঞ্জাৱত ইণ্টাৰনেট সেৱা আৰু এছ এম এছ সেৱা কৰ্তন কৰাৰ সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিবে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত কোৱা হৈছে কেৱল বেংকিং আৰু মোবাইল ৰিচাৰ্জৰ এছ এম এছ সেৱাহে বাহাল থাকিব।

ইফালে অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে মোহালিত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। চণ্ডিগড়- মোহালি সীমান্তৰ ইনচাফ মৰ্চাত প্ৰায় ১৫০ জন নিহাঙে তৰোৱাল আৰু লাঠি লৈ ৰাজপথলৈ ওলাই আহিছে।

অমৃতপালৰ মুক্তিৰ দাবীত শ্ল'গান দি তেওঁলোকে চণ্ডিগড়অ ভিমুখে যাত্ৰা আৰম্ভ কৰিছে। তেওঁলোকৰ এই যাত্ৰাত বাধা দিয়াৰ বাবে তেওঁলোকে বিমানবন্দৰৰ পথ অৱৰোধ কৰিছে।

ইফালে আৰক্ষীয়ে অমৃতপাল সিঙ আৰু তেওঁৰ ৬ সহযোগীৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে অমৃতসৰৰ পৰা তেওঁৰ আন ২ জন সহযোগীকো আটক কৰা হৈছে।

আৰক্ষীয়ে অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে অভিযান চলোৱাৰ সময়তে নিজৰ বাহনেৰে পলাবলৈ চেষ্টা কৰা অমৃত পালে তেওঁৰ সমৰ্থকসকলক একত্ৰিত হ'বলৈও আহ্বান জনোৱা এক ভিডিঅ' পোহৰলৈ আহিছে।