ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতে সংসদৰ বাজেট অধিৱেশনঃ চমক দিবলৈ সাজু বিত্তমন্ত্ৰী...
ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতে সংসদৰ বাজেট অধিৱেশনঃ চমক দিবলৈ সাজু বিত্তমন্ত্ৰী... 
ৰাষ্ট্ৰীয়

ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতে সংসদৰ বাজেট অধিৱেশনঃ চমক দিবলৈ সাজু বিত্তমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২২ জানুৱাৰাতী ৰাম মন্দিৰ উদ্বোধনৰ ঠিক ৯ দিন পিছত অনুষ্ঠিত হ'ব সংসদৰ বাজেট অধিৱেশন। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন দ্বিতীয়খন বিজেপি চৰকাৰৰ এইখনেই হ'ব অন্তিমখন বাজেট অধিৱেশন।

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই অধিৱেশনৰ দ্বিতীয় দিনটোতে অৰ্থাৎ ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই অধিৱেশন সমাপ্ত হ'ব ৯ ফেব্ৰুৱাৰীত।

বৃহস্পতিবাৰে চৰকাৰে সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বাবেই এইবাৰ পূৰ্ণাংগ বাজেট দাখিল কৰা নহয়। সাংবিধানীক ৰীতি অনুসৰিয়েই বিত্তমন্ত্ৰীগৰাকীয়ে লোকসভাত দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট।

নিৰ্বাচনৰ অন্তত নতুন চৰকাৰে দাখিল কৰিব পূৰ্ণাংগ বাজেট। প্ৰচলিত প্ৰথা অনুসৰিয়েই লোকসভাৰ এই অধিৱেশনৰ প্ৰথম দিনটোত ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ সদস্যকে সম্বোধন কৰি ভাষণ প্ৰদান কৰিব।

এইবাৰৰ বজেট অধিৱেশনত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ আঁচনিৰ অধাৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি অহা আৰ্থিক সাহায্য দুগুণ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান এই সাহায্যৰ পৰিমাণ ৬ হাজাৰ টকা যি তিনিটা কিস্তিত প্ৰদান কৰা হয়।

এইবাৰৰ বাজেট অধিৱেশনত এই পৰিমাণ ১২ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৃষকসকলৰ মন জয় কৰিবলৈকে বিজেপি চৰকাৰৰ এই সিদ্ধান্ত। ঠিক একেদৰে নিৰ্বাচনৰ পূৰ্বে জনতাৰ মন জয় কৰিবলৈ আৰু কেতবোৰ ডাঙৰ সিদ্ধান্ত যে গ্ৰহণ কৰিব সেয়া নিশ্চিত।