ৰাষ্ট্ৰীয়

সাংস্কৃতিক সন্মিলন : প্ৰতিখন ৰাজ্যৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ পদক্ষেপ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৈচিত্ৰপূৰ্ণ ভাৰতীয় সংস্কৃতিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনৱ পদক্ষেপ। ভাৰতৰ ৰাজ্যসমূহৰ ঐতিহ্য,কৃষ্টি-সংস্কৃতিৰ মাজত এক যোগসূত্ৰ স্থাপনৰ বাবে লৈছে এক অভিনৱ পদক্ষেপ। ইখনৰ লগত সিখন ৰাজ্যৰ সংস্কৃতিক পৰিচয় কৰি দিয়াই ইয়াৰ মূল উদ্দেশ্য।

প্ৰধানমন্ত্ৰীগৰাকীৰ গৃহৰাজ্য গুজৰাটত অনুষ্ঠিত হ'ব এক সাংস্কৃতিক সন্মিলন। ভিন্ন ৰাজ্যৰ ভিন্ন সংস্কৃতিৰ সাংস্কৃতিক দিশ সম্পৰ্কে বুজা পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সন্মিলনৰ আয়োজন। উল্লেখ্য যে মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ জানুৱাৰীত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত দলীয় সতীৰ্থসকলৰ সন্মুখত এই প্ৰস্তাৱ দাঙি ধৰিছিল।

সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ গৃহৰাজ্যত সৌৰাষ্ট্ৰ আৰু তামিলৰ মাজত এই সাংস্কৃতিক যোগসূত্ৰ অনুষ্ঠানৰ আয়োজন কৰিব। ইয়াৰ পূৰ্বে উক্ত কাৰ্যসূচী বাৰাণসীত আয়োজন কৰা হৈছিল।