৮ প্ৰাক্তন ভাৰতীয় নৌসেনাৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ কাটাৰলৈ আহ্বান ভাৰত চৰকাৰৰ...
৮ প্ৰাক্তন ভাৰতীয় নৌসেনাৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ কাটাৰলৈ আহ্বান ভাৰত চৰকাৰৰ... 
ৰাষ্ট্ৰীয়

৮ প্ৰাক্তন ভাৰতীয় নৌসেনাৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ কাটাৰলৈ আহ্বান ভাৰত চৰকাৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ ৮ গৰাকী প্ৰাক্তন নৌসেনা কৰ্মীক কাটাৰত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। এই খবৰ প্ৰকাশ পোৱাৰ পাছতে দেশজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ সমান্তৰালকৈ ৮ গৰাকী ভাৰতীয়কে উদ্ধাৰৰ বাবে দেশজুৰি দাবী উত্থাপন হৈছে।

তাৰ মাজতে শেহতীয়াকৈ এই ৮ গৰাকী প্ৰাক্তন নৌসেনা কৰ্মীৰ ফাঁচীৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়। মন্ত্ৰণালয়ৰ ফালৰ পৰা লোৱা হৈছে বিশেষ পদক্ষেপ।

প্ৰকাশিত খবৰ অনুসৰি ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে কাটাৰ প্ৰশাসনৰ ওচৰত এই শাস্তি বাতিল কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ৮ গৰাকী প্ৰাক্তন ভাৰতীয় নৌ সেনাক যোৱা আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁলোকক অৱশ্যে কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল, কিয় ফাঁচী দিয়া হৈছে সেই বিষয়ে সবিশেষ জানিব পৰা নাই। এক সংবাদ মেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে, গোচৰটোৰ বিৱৰণ এতিয়াও জানিব পৰা হোৱা নাই। গোপনে বিচাৰ চলি আছে। এই বিষয়ে কেৱল আইনী দলৰ সৈতে আলোচনা কৰা হৈছে। আমি এতিয়া আইনী ব্যৱস্থা লোৱা আৰম্ভ কৰিছো।

তেওঁ কয় যে, ভাৰত চৰকাৰে ইতিমধ্যে কাটাৰ চৰকাৰৰ কৰ্তৃপক্ষক নৌ সেনা জোৱানসকলৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ আবেদন জনাইছে। ইয়াৰোপৰি তেওঁ কয়, এই ৮ গৰাকী ভাৰতীয়ৰে পৰিয়ালৰ সৈতে সঘন যোগাযোগ ৰখা হৈছে।

দিল্লীত বিদেশমন্ত্ৰী এছ জয়শংকৰে তেওঁলোকক সাক্ষাৎ কৰিছে। নৌ সেনা কৰ্মী কেইগৰাকীৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সকলো ব্যৱস্থা বিদেশমন্ত্ৰালয়ে গ্ৰহণ কৰিছে বুলিও জনাইছে।