ৰাষ্ট্ৰীয়

ভাৰতৰ পাঠ্য়ক্ৰমত অংশগ্ৰহণ তালিবান শাসনৰ অধীনত থকা একাংশৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই আই এমৰ দ্বাৰা আয়োজিত ''ভাৰতীয় চিন্তাৰ সৈতে নিমজ্জিত'' শীৰ্ষক ৪ দিনীয়া পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে আফগানিস্তানৰ তালিবান শাসনৰ অধীনত থকা একাংশই। ইয়াৰ বাবে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিমন্ত্ৰণ জনাইছিল আৰু সেয়া ৰক্ষা কৰি তেওঁলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিদেশীৰ বাব

মঙলবাৰৰ পৰ আৰম্ভ হোৱা এই অনলাইন পাঠ্যক্ৰমত অন্য দেশৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰিছে । ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আই আই এমৰ কোজিকোডৰ জৰিয়তে এই পাঠ্যক্ৰমটো আগবঢ়াইছে। ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচীৰ সকলো সদস্যই ইয়াত অংশগ্ৰহণ কৰিব পাৰে।

এই পাঠ্যক্ৰমৰ আয়োজকসকলে লগতে কয় যে এই পাঠ্যক্ৰমৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ, সাংস্কৃতিক ঐতিহ্য, সামাজিক পৃষ্ঠভূমিৰ উপৰিও বহুতো অভিজ্ঞতা আৰু শিকাৰ সুযোগ লাভ কৰিব।

তথ্য অনুসৰি, পাঠ্যক্ৰমটোত চৰকাৰী বিষয়া, ব্যৱসায়ী আৰু উদ্যোগীসহ ৩০ জন অংশগ্ৰহণকাৰী থাকে।

কাবুলৰ বহুতো অংশগ্ৰহণকাৰীয়ে পাঠ্যক্ৰমটোত অংশগ্ৰহণ কৰিছে। কিয়নো এই পাঠ্যক্ৰম অনলাই গতিকে ভাৰত ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। তালিবানৰ বিদেশ মন্ত্ৰালয়ৰ নেতৃত্বও এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰাৰ সম্ভাৱণা।