কৰাগাৰাত মুখ্যমন্ত্ৰী কেজৰিৱালক সন্ত্ৰাসবাদীৰ দৰে আচৰণঃ দেশবাসীলৈ বাৰ্তা প্ৰেৰণ..
কৰাগাৰাত মুখ্যমন্ত্ৰী কেজৰিৱালক সন্ত্ৰাসবাদীৰ দৰে আচৰণঃ দেশবাসীলৈ বাৰ্তা প্ৰেৰণ.. 
ৰাষ্ট্ৰীয়

কৰাগাৰাত মুখ্যমন্ত্ৰী কেজৰিৱালক সন্ত্ৰাসবাদীৰ দৰে আচৰণঃ দেশবাসীলৈ বাৰ্তা প্ৰেৰণ..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''মাই নেম ইজ খান এণ্ড আই এম নট এ টেৰ'ৰিষ্ট।'' শ্বাহৰুখ খানৰ জনপ্ৰিয় হিন্দী ছবি 'মাই নেম ইজ খান'ৰ এক বিখ্যাত আৰু জনপ্ৰিয় সংলাপ আছিল এয়া। এই সংলাপকেই এইবাৰ নিজৰ ধৰণে ব্যৱহাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কাৰাগাৰৰ ভিতৰৰ পৰাই দেশবাসীক উদ্দেশ্যি তেওঁ ক'লে- ''মাই নেম ইজ অৰবিন্দ কেজৰিৱাল এণ্ড আই এম নট এ টেৰ'ৰিষ্ট''।

কেজৰিৱালৰ অভিযোগ, কাৰাগাৰৰ ভিতৰত তেওঁৰ সৈতে কৰা হৈছে সন্ত্ৰাসবাদীৰ দৰে আচৰণ। কাৰাগাৰৰ ভিতৰৰ পৰা প্ৰেৰণ কৰা এক বাৰ্তাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ কৰিছে। তেওঁ কাৰাগাৰৰ পৰা সদ্য জামিন প্ৰাপ্ত সাংসদৰ সঞ্জয় সিঙৰ জৰিয়তে প্ৰেৰণ কৰিছে এই বাৰ্তা।

মঙ্গলবাৰে কেজৰিৱালৰ এই বাৰ্তা ৰাজহুৱা কৰিছে সঞ্জয় সিঙে।কেজৰিৱালে তেওঁৰ বাৰ্তাত কৈছে, ''মাই নেম ইজ অৰবিন্দ কেজৰিৱাল এণ্ড আই এম নট এ টেৰ'ৰিষ্ট''। দিল্লীৰ সুৰী নাতি কেলেংকাৰী গোচৰত যোৱা মাৰ্চ মাহত গ্ৰেপ্তাৰ হোৱাৰ পাছত বৰ্তমান কেজৰিৱালৰ ঠিকনা তিহাৰ কাৰাগাৰা।

এই কাৰাগাৰৰ পৰাই কেতিয়াবা তেওঁ নিজৰ পত্নীৰ জৰিয়তে অথবা তেওঁৰ মন্ত্ৰীসভাৰ কোনো মন্ত্ৰীৰ জৰিয়তে বিভিন্ন বাৰ্তা দেশবাসীৰ উদ্দেশ্য প্ৰেৰণ কৰিছে। কাৰাগাৰৰ পৰাই তেওঁ চলাই আছে দিল্লীৰ চৰকাৰ।

মঙ্গলবাৰে কাৰাগাৰত কেজৰিৱালক সাক্ষাৎ কৰে আপ নেতা সন্দীপ পাঠক আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। এই সাক্ষাতৎৰ পাছতে ভগৱন্ত মানে কয়, কাৰাগাৰৰ ভিতৰত এজন দাগী অপৰাধীক যি সুযোগ সুবিধা প্ৰদান কৰা হয় সেই সুযোগ সুবিধাখিনিও অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা হোৱা নাই। তেওঁৰ দোষ কটত? অচলতে কাৰাগাৰৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ মনোবল ভাঙিবলৈ সকলোধৰণৰ চেষ্টা চলোৱা হৈছে।

এনে পৰিস্থিতিৰ মাজতেই কেজৰিৱালৰ বাৰ্তা দেশবাসীৰ আগত তুলি ধৰে সাংসদ সঞ্জয় সিঙে। তেওঁৰ অভিযোগ, কাৰাগাৰৰ ভিতৰত অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰা হৈছে।সঞ্জয় সিঙে অভিযোগ কৰি কয়, বিজেপি আৰু প্ৰধানমন্ত্ৰী প্ৰতিশোধপৰায়ণ হৈ কেজৰিৱালৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰিছে। যাৰ বাবে তেওঁৰ পৰিবাৰ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিবলৈ গ'লে গ্লাছৰ ওপৰেদি কথা পাতিবলৈ দিয়া হৈছে।এইধৰণৰ আচৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কেজৰিৱালৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিছে।এই ঘটনাক আপৰ তৰফৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ। এইবোৰ কৰি কেজৰিৱালক দমন কৰিবলৈ নোৱাৰিব।

ইফালে দিল্লীৰ এই সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইডিয়ে আন এজন আপ নেতাক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা এই আপ নেতাগৰাকী চনপ্ৰীত সিং। চনপ্ৰীত সিং ২০২২ চনত গোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আপৰ আৰ্থিক লেনদেনৰ বিষয়টো চোৱাচিতা কৰাৰ দায়িত্বত আছিল। আদালতত ইডিয়ে দাবী কৰিছে গোৱা নিৰ্বাচনৰ সময়ত অন্তত ৪৫ কোটি টকা নগদ খৰচ কৰিছিল আপে। এই ধন আহিছিল দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ পৰা। ইয়াকে লৈ এই পৰ্যন্ত দিল্লীৰ এই সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িতৰ গ্ৰেপ্তাৰৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পালে।