ৰাষ্ট্ৰীয়

'বিপৰ্যয়'ৰ প্ৰভাৱ: ৰাজস্থানত ধাৰাসাৰ বৰষুণ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজস্থানত 'বিপৰ্যয়' নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱ। 'বিপৰ্যয়'ৰ ফলত শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত হৈছে ধাৰাসাৰ বৰষুণ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ৰাজ্যখনৰ যোধপুৰ,জয়সলমেৰ,পালি আৰু চিৰোহীৰ জনসাধাৰণৰ বাবে জাৰি কৰিছে সতৰ্কবাণী। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ইতিমধ্য়ে বৰষুণৰ সৃষ্টি হৈছে।

ৰাজ্যখনত প্ৰায় ২০০ মিলি মিটাৰতকৈয়ো অধিক হ'ব পাৰে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই লগতে উল্লেখ কৰে যে, শনিবাৰেও ৰাজচামান্দ, ডুংগৰপুৰ আৰু উপকণ্ঠ অঞ্চলসমূহতো ধাৰাসাৰ বৰষুণ হ'ব পাৰে।

ইতিমধ্যে ৰাজস্থান দুৰ্যোগ প্ৰশমন বিভাগে ৮টাকৈ এছ ডি আৰ এফ বাহিনীৰ কোম্পানী মোতায়ন কৰিছে। ইয়াৰোপৰি দুৰ্যোগপ্ৰৱণ এলেকাসমূহত সাম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবলৈ এন ডি আৰ এফ মোতায়নকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা লৈছে।