ৰাষ্ট্ৰীয়

সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰৰ পাছতেই নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নায়ব সিং চাইনী। ইয়াৰ পাছতে হাৰিয়ানাৰ নতুন চৰকাৰে আজি পুৱা ১১ বজাত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী খট্টৰে তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সৈতে পদত্যাগ কৰাৰ কেইঘণ্টামান পিছত মঙলবাৰে সন্ধিয়া চণ্ডিগড়ত এক অনুষ্ঠানত বিজেপিৰ নায়াব সিং চাইনীয়ে (৫৪) হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

চাইনীয়ে ৪৮ জন বিধায়কৰ সমৰ্থন দাবী কৰিছে। হাৰিয়ানাত বিধানসভাত আসনৰ সংখ্যা ৯০ আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৪৬ খন আসনৰ। বৰ্তমান হাৰিয়ানা বিধানসভাত বিজেপিৰ ৪১ খন আসন আছে। ইয়াৰ লগতে বিজেপিয়ে ৬ জন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লাভ কৰিছে, যাৰ ফলত ইয়াৰ সংখ্যা ৪৭ হৈছে। আনহাতে জেজেপিৰ ৫জন বিধায়কেও বিজেপিত যোগদান কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, বিজেপিয়ে জেজেপিৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছতেই মনোহৰলাল খট্টৰে পদত্যাগ কৰিছিল। মনোহৰ লাল খট্টৰক লোকসভা নিৰ্বাচনৰ বাবে টিকট দিয়াৰ সম্ভাৱণা আছে।

হাৰিয়ানাত লোকসভা আসনৰ সংখ্যা ১০ খন আৰু বিজেপিয়ে আটাইকেইখন আসনতেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল। কিন্তু জেজেপিয়ে ২ খন আসন বিচাৰিছিল। ইয়াৰ আগৰ নিৰ্বাচনত জেজেপিয়ে এখনো আসন লাভ কৰা নাছিল। যাৰ বাবে তেওঁলোকৰ মিত্ৰতা ভংগ হয়।

আহিবলগীয়া লোকসভা নিৰ্বাচন আৰু হাৰিয়ানাত অক্টোবৰত হবলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই ৰাজনৈতিক অংকই এই বিশেষ দৃষ্টি বহন কৰিছে। চাইনী অবিচি। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন ৰাজ্যতে জাতি আৰু অ'বিচি সমীকৰণৰ ওপৰত গুৰুত্ব দিছে বিজেপিয়ে।