ৰাষ্ট্ৰীয়

“H3N2” ইনফ্লুৱেঞ্জা ভাইৰাছৰ ফলত পুনৰ ২ জনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক: বিগত দুটা বছৰত ক’ৰোণা অতিমাৰীয়ে আমাৰ দেশৰ লগতে সমগ্ৰ বিশ্বকে বাৰুকৈয়ে জুৰুলা কৰিলে। বিশ্বৰ প্ৰায় প্ৰতিজন লোকেই কৰোণা মহামাৰীৰ বাবে কম-বেছি পৰিমাণে ভুক্তভুগী। ৰঙা চীনৰ পৰা উৎপত্তি হোৱা এই ৰোগটি কভিড-১৯ নামৰ ভাইৰাছৰ বাবে সংক্ৰমণিত হয় বুলি আমি সকলোয়ে জ্ঞাত। খুব কম সময়তে সংস্পশলৈ অহা এই ভাইৰাছ বিধৰ আক্ৰমণত বিশ্বৰ প্ৰায় ৭৫.৯ লোক প্ৰত্যক্ষ ভাৱে ভুক্তভোগী হোৱাৰ বিপৰীতে ৬৮.৭ লোক মৃত্যু মুখত পৰে। এই অতিমাৰীয়ে সমাজ জীৱনৰ লগতে বিশ্বৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিলে। এনে অতিমাৰীৰ কবলৰ পৰা সমাজ জীৱন কোনো মতে কোঙাৰ পৰা জী উঠিছিলহে মাত্ৰ; তেনে সময়তে পুনৰ স্বাস্থ্য জগতলৈ অহা এটি বেয়া খবৰে চিন্তাত পেলাইছে সচেতন মহলক।

দেশৰ স্বাস্থ্য সেৱাৰ প্ৰতি ভাবুকি কঢ়িওৱা এই বেয়া খবৰটো হ’ল “H3N2” নামৰ এক নতুন ভাইৰাছ। বৰ্তমান শুকান পৰিৱেশৰ লগতে প্ৰদূষিত জলবায়ুৰ বাবে কম সময়তে এই “H3N2” ৰোগ বিধ কভিড-১৯ৰ দৰে সংক্ৰমণ হয়। ভাৰতৰ বিভিন্ন ঠাইত বৰ্তমান এই ৰোগ বিধে গা-কৰি উঠা দেখা গৈছে। অসমত বৰ্তমানেও এই ৰোগ বিধত আক্ৰান্ত কোনো এজন ৰোগী ধৰা পৰা নাই যদিও পশ্চিমবংগৰ লগতে শেহতীয়াকৈ হাৰিয়ানা, কৰ্ণাটক আদিত ৰোগ বিধৰ ফলত কেইবাজন লোকৰ মৃত্যু হোৱা বাতৰি আহিছে। গতিকে সময় থাকোটেই আমি এই ৰোগ বিধৰ পৰা বাছি থাকিবলৈ সতৰ্কতা অৱলম্বন কৰা উচিত।

সেয়েহে, আমি এই “H3N2” নো কি তাক পুনতে জনা উচিত।

“H3N2”:- বৰ্তমান সময়ত বহুতেই ভাইৰেল হোৱাৰ পাছত কাহ, শ্বাসকষ্ট ও হাঁচি অনুভৱ কৰি আহিছে আৰু আমি ইয়াক জলবায়ু পৰিৱৰ্তনৰ ফল বুলি মানি লৈ স্বাস্থ্যৰ প্ৰতি আওকাণ কৰি আহিছে। পিছে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সমগ্ৰ দেশতে এনে ফ্লু বৃদ্ধি পোৱাত চিকিৎসা বিজ্ঞানে এই ৰোগ বিধৰ উপস্থিতিৰ কথা উদঘাটন কৰে। চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ ভিত্তত Institute of International Medicineৰ গ্ৰুপ মেডিকেল ডাইৰেক্টৰ, মেক্স হেল্থ আৰু জ্যেষ্ঠ সঞ্চালক ডা. সন্দীপ বুধিৰাজানে সদৰি কৰে যে, ঋতু ভিত্তিক ফ্লু বোৰত কৈ এই ভাইৰাছ বিধৰ চাপৰ লক্ষণবোৰ যথেষ্ট বেলেগ আৰু গুৰুতৰ। আৰু এই গুৰুতৰ চাপৰ ৰোগ বিধেই হ’ল “ইনফ্লুৱেঞ্জা-এ”ৰ ভাইৰাছ “H3N2”। এই ভাইৰাছ বিধ শ্বাসতন্ত্ৰৰ ভাইৰেল সংক্ৰমণ, যি পশু-পক্ষীৰ পৰা আৰম্ভ কৰি মানুহৰ লৈকে ৰোগৰ সৃষ্টি কৰে। ১৯৬৮ চনতেই পোনপ্ৰথম বাৰৰ বাবে ধৰা পৰা এই ভাইৰাছ বিধ “ইনফ্লুৱেঞ্জা-এ”ৰ উপসংস্কৰণ।

“H3N2”ৰ লক্ষণবোৰ-

“H3N2”ৰ লক্ষণবোৰ সাধাৰণ ৰোগৰ দৰে কাহ, হাঁচি, জ্বৰ, ঠাণ্ডা লগা, ভাগৰ, ডায়েৰিয়া, বমি, ডিঙিৰ বিষ, মুৰৰ বিষ, শৰীৰৰ বিষ, শ্বাসকষ্ট আদি।

“H3N2”ৰ সাৱধানতাৰ হিচাপে আমি আমাৰ যিকোনো ধৰণৰ সাধাৰণ ৰোগত ডক্টৰৰ পৰামৰ্শ লোৱা উচিত। তদুৰপি মাক্স পৰিধান, চাবোনেৰে হাত ধোৱা, হাঁচিয়াওতে ৰোমাল ব্যৱহাৰ কৰা আদি সাধাৰণ কথাবোৰক গুৰুত্ব দিব লাগে। আৰু দেহত এনে লক্ষণে দেখা দিলে ডা. পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ এন্টিবায়টিক সেৱন কৰাটো উচিত নহয়।

উল্লেখযোগ্য যে, শুকুৰবাৰৰ দিনটোত হাৰিয়ানা আৰু কৰ্ণাটকাত দুজন লোকৰ মৃত্যু খবৰ পোৱা গৈছে।