ৰাষ্ট্ৰীয়

পত্নীক ৪০ বাৰ চুৰীৰে আক্ৰমণ কৰি হত্যা স্বামীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এক নৃশংস হত্যাকাণ্ড। পাষাণ স্বামীয়ে পত্নীক ৪০ বাৰ চুৰীৰে আঘাত কৰি হত্যা কৰাৰ পাছত পলায়ন। এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে গুৰুগ্ৰামত। পংকজ ভৰদ্বাজ নামৰ ২৮ বছৰীয়া এজন ব্যক্তিয়ে হানি-খুচি হত্যা কৰিলে নিজ পত্নীক। যোৱা দেওবাৰে পুৱা পংকজৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় পত্মীৰ মৃতদেহ।

হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰা হত্যাকাৰী স্বামীক আৰক্ষীয়ে বিহাৰৰ এটা অঞ্চলত গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত স্বামী পংকজে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে যদিও হত্যাকাণ্ডৰ কাৰণৰ সন্দৰ্ভত মুখ খোলা নাই। গুৰুগ্ৰাম আৰক্ষী অধীক্ষক সুভাষ বুকনে জানিবলৈ দিছে যে এই হত্যাকাণ্ডত আৰু লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু সোমবাৰে পুৱা ৪০ বছৰীয়া আন এজন লোককো আটক কৰা হৈছে।