ৰাষ্ট্ৰীয়

অৱশেষত বন্ধ খামত উচ্চতম ন্যায়ালয়ত দাখিল ৰাফেল চুক্তিৰ নথি

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ দেশৰ ৰাজনীতিত তোলপাৰ লাগি থকাৰ সময়তে সোমবাৰে উচ্চতম ন্যায়ালয়ত বন্ধ খামৰ ভিতৰত ৰাফেল চু্ক্তিৰ সমস্ত তথ্য জমা দিলে মোদী চৰকাৰে।

বন্ধ খামত ফৰাচী সংস্থা দাছোৰ পৰা ৩৬ টা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত তথা চুক্তি সংক্ৰান্তীয় বিশদ তথ্য প্ৰদান কৰা হৈছে। তদুপৰি প্ৰতিটো যুদ্ধবিমান ক্ৰয় কৰাৰ বাবদ কিমান টকা খৰছ কৰা হৈছে সেই নথিও প্ৰদান কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে ৰাফেল চুক্তিক লৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। যোৱা ৩১ অক্টোবৰত উচ্চতম ন্যায়ালয়ে ৰাফেল চুক্তিৰ সমস্ত তথ্য আৰু নথি বন্ধ খামৰ ভিতৰত জমা দিবলৈ কেন্দ্ৰীয় চৰকাৰক ১০ দিনৰ সময়সীমা বান্ধি দিছিল।

এই সময়সীমা ইতিমধ্যে পাৰ হৈ গৈছে যদিও অৱশেষত সোমবাৰে যুদ্ধ বিমান ক্ৰয়ৰ সকলো তথ্য আদালতত জমা দিয়া হয়। এক চৰকাৰী সূত্ৰই জনোৱা মতে, সোমবাৰে ৰাফেল চুক্তি সংক্ৰান্তীয় ১৬ পৃষ্ঠাৰ নথি কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ত জমা দিছে।