ৰাষ্ট্ৰীয়

দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন জাৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শেহতীয়াকৈ চমন জাৰি কৰিছে আৰক্ষীয়ে । ৰাজহুৱা সা-সম্পত্তি ক্ষতিসাধনৰ লগতে অবৈধভাবে নিৰ্বাচনী পোষ্টাৰ লগোৱাৰ এক গোচৰত জাৰি কৰা হৈছে চমন । ২৭ এপ্ৰিলত হাজিৰ হ’বলৈ উল্লেখ কৰিছে আপৰ নেতাগৰাকীক ।

উল্লেখ্য যে ৰাজহুৱা সম্পত্তিৰ দেৱালত নিৰ্বাচনী পোষ্টাৰ লগোৱাৰ বাবে নেতাগৰাকীৰ বিৰুদ্ধে গোৱাৰ পেৰনেম থানাৰ পৰা প্ৰেৰণ কৰা হৈছে নেতাগৰাকীলৈ চমন । বৃহস্পতিবাৰে থানাখনৰ উপ-পৰিদৰ্শকক দিলীপ হালাৰ্ণকাৰে প্ৰেৰণ কৰিছে চমন ।

চমন জাৰি সন্দৰ্ভত কেজৰিৱালে শুকুৰবাৰে কয় যে তেওঁৰ বিৰুদ্ধে থকা গোচৰকলৈ গোৱা আৰক্ষীৰ ওচৰত হাজিৰ হ’ব । এই সন্দৰ্ভত কেজৰিৱালে কয় যে "মই যাম । মই নিশ্চিতভাৱে যাম।"