মোডীৰ গুজৰাটত আদানীয়ে বিনিয়োগ কৰি ২ লাখ কোটি...
মোডীৰ গুজৰাটত আদানীয়ে বিনিয়োগ কৰি ২ লাখ কোটি... 
ৰাষ্ট্ৰীয়

মোডীৰ গুজৰাটত আদানীয়ে বিনিয়োগ কৰি ২ লাখ কোটি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুকেশ আম্বানীক অতিক্ৰম কৰি পুনৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্বীকৃতি পালে গৌতম আদানীয়ে। তাৰ মাজতে আদানী গ্ৰুপে গুজৰাটত বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

বুধবাৰৰ পৰা গুজৰাটৰ গান্ধীনগৰত পৰা আৰম্ভ হৈছে ভাইব্ৰেণ্ট গুজৰাট ছামিত-২০২৪। এই ছামিটত অংশগ্ৰহণ কৰিয়েই আদানীয়ে এই ঘোষণা কৰিছে।

আগন্তক ৫ বছৰত আদানী গ্ৰুপে গুজৰাটত ২ লাখ কোটি টকা বিনিয়োগ কৰিব। ইয়াৰ ফলত ৰাজ্যখনত ১ লাখৰো অধিক চাকৰি মুকলি হ'ব। ফলত ৰাজ্যখনৰ নিবনুৱাসকল উপকৃত হ'ব। এই দাবী কৰিছে আদানীয়ে।

ইয়াৰোপৰি এই ছামিটত অংশগ্ৰহণ কৰি আদানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰশংসাৰে উপচাই পেলালে। আদানীয়ে মোডীক উদ্দেশ্য কৰি কয়, আপোনাৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত ভাৰত উন্নত দেশত পৰিণত হ'ব। ভাৰতক শক্তিশালী দেশত পৰিণত কৰিব আপুনি।

উল্লেখ্য যে, নতুন বছৰটোৰ আৰম্ভণি লগে লগে হিণ্ডেন বাৰ্গ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা পৰিত্ৰাণ পাইছে আদানীয়ে। উচ্চতম ন্যায়ালয়ে জনাইছে হিণ্ডেন বাৰ্গৰ প্ৰতিবেদনৰ তদন্তৰ কোনো প্ৰয়োজন নাই। এই গোচৰত ছেবিৰ তদন্তৰ ওপৰতেই ভৰসা ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ পাছতে আদানী গ্ৰুপে শ্বেয়াৰ মাৰ্কেটত আকৌ উৰ্ধ গতিত গতি কৰিছে। মুকেশ আম্বানিক অতিক্ৰম কৰি এছিয়াৰ শীৰ্ষ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।