আতিকৰ পুত্ৰ
আতিকৰ পুত্ৰ 
ৰাষ্ট্ৰীয়

এনকাউন্টাৰ! গেংষ্টাৰ আতিকৰ পুত্ৰৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত দুৰ্ধৰ্ষ গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আসাদক বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় । ঝাঞ্চীত গেংষ্টাৰৰ পুত্ৰৰ লগতে সহ অভিযুক্ত গোলামকো প্ৰদেশ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে ।

উমেশ পালৰ হত্যাৰ সময়ত আসাদক দেখিবলৈ পোৱা গৈছিল দৃশ্য চিচিটিভিত বন্দীৰ হোৱা দৃশ্যত । আৰু তেতিয়াৰে পৰা পলাতক অৱস্থা আছিল আসাদ । আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে আসাদ আৰু গোলাম দুয়োৰে শীৰৰ নামত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীয়ে কয় যে দুজন ডিএছপি পদবীৰ বিষয়াৰ নেতৃত্বত ১২ জনীয়া এটা দলে চলাইছিল অভিযান । আৰু এই অভিযানত ঝান্সিৰ বাবিনা পথত এনকাউন্টাৰ কৰা হয় দুয়োকে । দুয়োজন অভিযুক্তক এনকাউন্টাৰ কৰাৰ সময়ত মুঠ ৪২ জাই গুলিৰ ব্যৱহাৰ কৰা হৈছিল ।

উল্লেখ্য যে উমেশ পাল এজন অধিবক্তা আৰু তেওঁ ২০০৫ চনত বিএছপি বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ সাক্ষী আছিল । আৰু এই ঘটনাৰ সাক্ষী পালকো তেওঁৰ প্ৰায়গৰাজৰ বাসগৃহত গুলিয়াই হত্যা কৰা হৈছিল । লগতে তেওঁক পহৰা দিয়া নিৰাপত্তাৰক্ষীসকলকো হত্যা কৰা হৈছিল । নিৰপত্তা ৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজতো এইদৰে পালক গুলিয়াই হত্যা কৰা পিছতেই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসন তথা চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মোখীন হৈছিল ।