ৰাষ্ট্ৰীয়

বন্ধ বাট-পথ : বজ্ৰপাতত মৃত্যু ৰাজস্থানৰ ৪ গৰাকীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ৰাজস্থানত ধাৰাসাৰ বৰষুণ। বজ্ৰপাতৰ ফলত মৃত্যু ৪জন লোকৰ। ৰাজ্যখনৰ কেতবোৰ অঞ্চলত হোৱা বজ্ৰপাতৰ ফলত ভালেকেইগৰাকী লোক নিহত হোৱাৰ উপৰিও আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

বিগত কিছুদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত ৰাজ্যখনত সৃষ্টি হৈছে নানান সমস্যাৰ। ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ ৰাস্তা-ঘাট বন্ধ হোৱাৰ উপৰিও সৃষ্টি হৈছে ভূমিস্খলনৰ।

আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশৰো ত্ৰিশতাধিক পথ বন্ধ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি আৰু কিছুদিন বৰষুণ হোৱাৰ সম্ভাৱনা আছে।