মহাৰাষ্ট্ৰ সীমান্তত ৪ মাওবাদী কামাণ্ডাৰ নিহতঃ মূৰৰ দাম আছিল ৩৬ লাখ...
মহাৰাষ্ট্ৰ সীমান্তত ৪ মাওবাদী কামাণ্ডাৰ নিহতঃ মূৰৰ দাম আছিল ৩৬ লাখ... 
ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰ সীমান্তত ৪ মাওবাদী কামাণ্ডাৰ নিহতঃ মূৰৰ দাম আছিল ৩৬ লাখ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চি আৰ পি এফ আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ছত্তিশগড়ৰ গড়চিৰোলী জিলাত মাওবাদীৰ চাৰিজন কামাণ্ডাৰ নিহত হৈছে। এই চাৰিওজন মাওবাদীৰ কামাণ্ডাৰ মূৰৰ ওপৰত আছিল ৩৬ লাখ টৰাপ পুৰস্কাৰ।

সোমবাৰে বিয়লি গড়চিৰোলী আৰক্ষীয়ে এক গোপন সূত্ৰত লাভ কৰা খবৰৰ ভিত্তিত এক অভিযান চলায়। আৰক্ষীয়ে খবৰ লাভ কৰিছিল মাওবাদীৰ তেলেংগানা ৰাজ্যিক সমিতিৰ কিছু সদস্য ছত্তিশগড়-মহাৰাষ্ট্ৰ সীমান্তৰ ওচৰত একত্ৰিত হৈছে।

এই মাওদাবীৰ দলটোত আছিল চাৰিজন কমাণ্ডাৰ। এই চাৰিওজনৰ বিৰুদ্ধে আছিল আৰ্থিক পুৰস্কাৰো। তেওঁলোকৰ খবৰ দিয়া ব্যক্তিক চৰকাৰে ৩৬ লাখ টকাৰ আৰ্থিৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।

গড়চিৰোলী আৰক্ষীয়ে পোৱা খবৰ অনুসৰি এই দলটোৱে তেলেংগানাৰ পৰা প্ৰাণহিতা নদী পাৰ হৈ গড়চিৰোলীত শিবিৰ পাতিছিল। চি আৰ পি এফ আৰু গড়চিৰোলী আৰক্ষীৰ এটা যুটীয়া দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ আশংকা কৰি দুয়োখন ৰাজ্যৰ সীমান্তত এক যুটীয়া অভিযান আৰম্ভ কৰে।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক যতীশ দেশমুখৰ নেতৃত্বত দুয়োটা বাহিনীৰ এটা দল মহাৰাষ্ট্ৰ সীমান্তলৈ ৰাওনা হয়। ইয়াৰ পিছতে মঙ্গলবাৰে পুৱা কোলামাৰ্কাৰ পাহাৰীয়া অৰণ্যত মাওবাদীৰ দলটোৰ সৈতে আৰক্ষী, চি আৰ পি এফৰ যুটীয়া বাহিনীৰ মাজত সংঘৰ্ষ হয়।

এই সংঘৰ্ষত চাৰিজন মাওবাদী কমাণ্ডাৰ নিহত হয় বুলি আৰক্ষীয়ে জনাইছে।ইয়াৰোপৰি সুৰক্ষা বাহিনীৰ দলটোৱে মাওবাদীৰ শিবিৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, এটা একে-৪৭, এটা কাৰ্বাইন আৰু দুটা দেশীয় পিষ্টল উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, নিহত কমাণ্ডাৰসকলৰ ভিতৰত ডি ভি চি এম ভাৰ্গিজো আছিল। তেওঁ মংগী ইন্দ্ৰাভেলী অঞ্চল সমিতি আৰু কুমিৰাম ভীম মঞ্চেৰিয়াল বিভাগীয় সমিতিৰ সম্পাদক। বাকী তিনিজন সদস্য ডি ভি চি এম মাগটু, কুৰচাং ৰাজু আৰু কুৰিমেট্টা ভেঙ্কটেশ। এই চাৰিওজনৰ মূৰৰ দাম মহাৰাষ্ট্ৰ চৰকাৰে ৩৬ লাখ টকা ঘোষণা কৰিছিল।