ৰাষ্ট্ৰীয়

আজিৰ ৰে'ল মন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ নকৰিলেও শাস্ত্ৰীয়ে দেখুৱাইছিল নিদৰ্শন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২ জুন, ২০২৩, ত উৰিষ্যাত হোৱা ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত প্ৰায় ২৮৮ জনলোকৰ মৃত্য়ু হয়। ঘটনাৰ পাছতেই সমগ্ৰ দেশত হাহাকাৰৰ সৃষ্টি হোৱাৰ লগতে বহুতে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্য়াগৰ দাবী কৰিছে।

কংগ্ৰেছ, আপ আদিৰ লগেত বহু বিৰোধী দলে ৰে'ল মন্ত্ৰীক নৈতিক দায়িত্বৰ কথা স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ আহ্বান জনাইছে। কিন্তু নাই। আজিকলি প্ৰায় ক'মেই দেখা যায় যে মন্ত্ৰীয়ে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে।

কিন্তু ৰাজনীতিৰ ইতিহাসত এনে ঘটনা বিৰল নহয়। লাল বাহাদুৰ শাস্ত্ৰী, ভিপি সিং আদিৰ দৰে নেতাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ উদাহৰণ আছে।

১৯৫৬ চনৰ আগষ্টৰ কথা। অন্ধ্ৰপ্ৰদেশৰ মাহবুব নগৰত সংঘটিত হৈছিল এক ৰে'ল দুৰ্ঘটনা। ১১২ জন ৰে'ল যাত্ৰীয়ে সেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। সেই নৈতিক দায়িত্ব স্বীকাৰ কৰি মূহুৰ্তৰ ভিতৰতে প্ৰধানমন্ত্ৰী নেহেৰুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল শাস্ত্ৰীয়ে।

এয়া তেওঁৰ সস্তীয়া প্ৰচাৰৰ কৌশল নাছিল। বুজাই বঢ়াই প্ৰধানমন্ত্ৰী নেহেৰুৱে তেওঁক ৰেল মন্ত্ৰীৰ পৰা পদত্যাগ কৰিবলৈ দিয়া নাছিল। তাৰ এমাহ মানৰ পাছতেই তামিলনাডুৰ আৰইয়ালুত আন এক ৰেল দুৰ্ঘটনা হয়। সেইবাৰ শাস্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কৈছিল- মই যদি ৰেল মন্ত্ৰী হৈ ৰেল যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰো তেন্তে মোৰ মন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই।

শাস্ত্ৰীৰ এই ৰাজনৈতিক মূল্যবোধ আৰু দায়িত্ববোধৰ প্ৰতি লক্ষ্য ৰাখি ১৯৫৬ চনৰ ২৬ নৱেম্বৰত 'দ্যা প্ৰায়নিয়াৰ' নামৰ কাকতখনত এটা সম্পাদকীয় লেখা হৈছিল। য'ত শাস্ত্ৰীৰ দৰে নেতাৰ নৈতিকতাক প্ৰশংসা কৰি তেওঁৰ পদত্যাগ কৰাতো কিয় প্ৰয়োজন নহয় সেই কথা বিশ্লেষণ কৰিছিল।