ৰাষ্ট্ৰীয়

তামিলনাডুত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ১৩০ বিমান যাত্ৰীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ তামিলনাডুৰ ত্ৰিচী বিমানবন্দৰত শুকুৰবাৰে ডুবাই অভিমুখে ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে৷

ঘটনা অনুসৰি, শুকুৰবাৰে পুৱা ক্ৰিউ মেম্বাৰ সহ ১৩০ গৰাকী যাত্ৰী লৈ বিমানখন ত্ৰিচী বিমান বন্দৰৰ পৰা ডুবাই অভিমুখে উৰা মৰিছিল৷ কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনে এখন পকী বেৰত খুন্দা মাৰে৷ অৱশ্যে বিমানখনৰ ভিতৰত থকা যাত্ৰীসকল ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷

এই ঘটনাৰ পিছতে বিমানখন ডুবাইৰ পৰিৱৰ্তে মুম্বাইলৈ লৈ যোৱা হয়৷ তাৰ পৰা যাত্ৰী সকলক ডুবাইলৈ যোৱাৰ বাবে অইন এখন বিমানৰ ব্যৱস্থা কৰি দিয়া হয়৷

ইফালে এই ঘটনাক গম্ভীৰভাৱে লৈ বিমানখনৰ পাইলট আৰু সহযোগী পাইলটক সাময়িকভাৱে বৰ্খাস্ত কৰি নাগৰিক উদ্যোয়ন মহানিৰ্দেশকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷