ৰাষ্ট্ৰীয়

দিল্লীৰ কমলা বজাৰত অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ দিল্লীত অগ্নিকাণ্ড। শনিবাৰে আবেলি দেশৰ ৰাজধানী দিল্লীৰ কমলা বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক আহত হোৱা নাই যদিও বিভিন্ন সামগ্ৰী নষ্ট হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে।

উল্লেখ্য যে,ৰাজধানীখনৰ দ্বাৰকা অঞ্চলতো সংঘটিত হৈছিল ভয়াৱহ অগ্নিকাণ্ড। অঞ্চলটিৰ এটি আৱাসিক ভৱনত সংঘটিত হৈছিলএই অগ্নিকাণ্ড। ফলত, এগৰাকী প্ৰায় ৮৫ বছৰীয়া বৃদ্ধৰ মৃত্যু হয়।