ৰাষ্ট্ৰীয়

চাকৰিৰ লালসাত সন্তানে হত্যা কৰিলে পিতৃক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ৰামগড় জিলাৰ ৩৫ বৰ্ষীয় এজন নিৱনুৱা যুৱকে  চিচিএলত কাম কৰা নিজৰ দেউতাকক হত্যা কৰে। আৰক্ষীৰ ভাষ্য অনুসৰি, বৃহস্পতি জিলাখনৰ বৰকানানা স্থিত চিচিএলৰ সুৰক্ষা কৰ্মী ৫৫ বছৰীয়া কৃষ্ণা ৰাম মৃতদেহ উদ্ধাৰ কৰা হয় ।

খবৰ অনুসৰি, নিজৰ পুত্ৰই অনুকম্পাৰ ভিত্তিত দেউতাকৰ চাকৰি লাভ কৰিব বুলি আশা কৰিয়েই তেওঁ দেউতাকক হত্যা কৰিলে। আৰক্ষীয়ে কয় যে, তেওঁৰ ডাঙৰ পুত্ৰই সোধপোচৰ পিছত নিজৰ দেউতাকক হত্যা কৰা কথা স্বীকাৰ কৰে যাতে চিচিএলত অনুকম্পাৰ ভিত্তিত তেওঁ চাকৰিটো লাভ কৰে।