ৰাষ্ট্ৰীয়

ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি যোগী আদিত্য নাথৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ সাংসদ,বিধায়কৰ অপৰাধৰ গোচৰ নিষ্পত্তি কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে গঠন কৰিব বিছৰা ফাৰ্ষ্টট্ৰেক আদালতৰ বিষয়ত কেইখনমান ৰাজ্যই প্ৰদান কৰা নাই কোনোধৰনৰ গুৰুত্ব।

ফাৰ্ষ্টট্ৰেক আদালত গঠনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ পৰা উচ্চতম ন্যায়লয়ে বিচৰা পৰামৰ্শৰ কোনোধৰনৰ উত্তৰ দিয়া নাই উত্তৰ প্ৰদেশ আৰু তামিলনাডু চৰকাৰে। ইয়াৰ বিপৰীতে অন্ধ প্ৰদেশ,কৰ্নাটক,কেৰালা,তেলেংগানা,মধ্য প্ৰদেশ,বিহাৰ,পশ্চিম বংগ,মহাৰাষ্ট্ৰ আৰু দিল্লীকে ধৰি আন কেইবাখনো ৰাজ্যই এই সৰ্ম্পকত নিজ পৰামৰ্শ আদালতত অৱগত কৰিছে।

২০০৭ চনৰ নৱেম্বৰত দেশৰ উচ্ছতম ন্যায়ালয়ে এই ফাৰ্ষ্টট্ৰেক আদালতৰ গঠনৰ সন্দৰ্ভত এক ৰায় প্ৰদান কৰিছিল।উল্লেখ্য যে, দিল্লীকে ধৰি প্ৰায় ১১ খন ৰাজ্যৰ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে বৰ্তমান ১২৩৩ টা অপৰাধ পঞ্জীয়ন হৈ আছে।ইয়াৰে ১৩৬ টা গোচৰহে নিষ্পত্তি কৰা হৈছে। ৰাজ্যসমূহৰ ভিতৰত বিধায়ক,সাংসদৰ বিৰুদ্ধে বিহাৰত সবাতোকৈ অধিক গোচৰ ৰুজু হৈ আছে।