ৰাষ্ট্ৰীয়

চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল…

asomiyapratidin

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰোধ কৰা দেশৰ সমগ্ৰ কৃষকে কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে যে চৰকাৰে যিকোনো প্ৰকাৰে যাতে এই কৃষি আইন বাতিল কৰে, অন্যথা কৃষক সকলে সমগ্ৰ দিল্লীত অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব।তেওঁলোকে লগতে এই বুলিও মন্তব্য কৰে যে, চৰকাৰে পঞ্জাৱৰ কৃষকৰ বাহিৰে সমগ্ৰ দেশৰ কৃষক নেতাসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাৱাটোৱে আন্দোলনটোক নিস্ফল কৰাৰ চেষ্টা কৰাকহে সূচাইছে।

এই সম্পৰ্কে প্ৰফেচৰ দৰ্শনপালে কয় যে তেওঁলোকে বৈঠকত আলোচনা সমাপন কৰিছে।কেন্দ্ৰ চৰকাৰে প্ৰথমে পঞ্জাৱৰ কৃষকক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু যোগেন্দ্ৰ যাদৱৰ উপস্থিতিক লৈ চৰকাৰৰ আপত্তি আছিল। চৰকাৰে এই আন্দোলনক কেৱল পঞ্জাৱৰ কৃষক আন্দোলন বুলি উপস্থাপন কৰিব বিচাৰিছিল বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে কৃষক সকলে চৰকাৰে তেওঁলোক বিভাজিত কৰি এই আন্দোলনৰ নাকাৰ কৰাৰ প্ৰয়াস কৰে বুলি অভিযোগ কৰে। তেওঁলোকে কয় যে যিমানে এই আন্দোলনক ভাগ ভাগ কৰিবলৈ চৰকাৰে চেষ্টা কৰিব সমানেই একতাৰে তেওঁলোকে আন্দোলন সবল কৰি তুলিব।