ৰাষ্ট্ৰীয়

‘বিগত ৫ বছৰত দেশত কৃষকৰ আত্মহত্যাৰ ঘটনা হ্ৰাস পাইছে…’

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত ৫ বছৰত দেশত কৃষকৰ আত্মহত্যাৰ ঘটনা হ্ৰাস পাইছে। লোকসভাত সাংসদ ৰাহুল গান্ধীৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে দেশৰ ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। যোৱা বৃহস্পতিবাৰে সংসদৰ মজিয়াত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দেশৰ কৃষকসকলৰ ভয়ানক দুদৰ্শাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দায়ী বুলি অভিযোগ উত্থাপন কৰিছিল।

ৰাহুল গান্ধীৰ এই অভিযোগ খণ্ডন কৰি ৰাজনাথ সিঙে কয়- বিগত ৫ বছৰত দেশত কৃষকৰ আত্মহত্যাৰ ঘটনা হ্ৰাস পাইছে। কৃষক সকলৰ বৰ্তমানৰ স্থিতিৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই দায়ী বূুলিও মন্তব্য কৰে সিঙে। সংসদৰ শূন্যকালীন অধিৱেশনৰ সময়চোৱাত সিঙে লগতে কয়- কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। মই অতি দৃঢ়তাৰে কব পাৰো যে, বৰ্তমান চৰকাৰৰ দিনত কৃষকসকলৰ আয় ২০-২৫ শতাংশ বৃদ্ধি পাইছে।