ৰাষ্ট্ৰীয়

দিল্লী, পঞ্জাৱৰ বিদ্যালয়ক বিশ্বৰ শ্ৰেষ্ঠ ৰূপে গঢ় দিম : অৰৱিন্দ কেজৰিৱাল

Asomiya Pratidin

ডিজিটেল ডেস্ক : আম আদমী পাৰ্টী শাসনত অহাৰ পৰাই শিক্ষাকেই প্ৰাধান্য দি আহিছে দলটোৰ শীৰ্ষ নেতা সকলে । ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনত শিক্ষাৰ মাহাত্ম্য বুজি পোৱা নেতাৰ অভাৱ ভাৰতত । সফলতা, বিফলতা একাষৰীয়াকৈ থলেও নিৰ্বাচনী প্ৰচাৰৰ বাবে শিক্ষাক মূল গুৰুত্ব প্ৰদান কৰাতো এক প্ৰকাৰৰ সফলতাই ভাৰতীয় ৰাজনীতিৰ বাবে । শিক্ষাৰ গুৰুত্ব সকলোৱে বুজি পাবলৈ এতিয়াও বহু বাকী দেশত ।

এনে এক সময়তেই পঞ্জাৱৰ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ সকলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী গৰাকীয়ে কৰিলে এক বিৰল ঘোষণা । পঞ্জাৱ আৰু দিল্লীৰ শিক্ষানুষ্ঠান সমূহ কেৱল আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাই নহয় বৰং বিশ্বৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ ৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে অৰৱিন্দ কেজৰিৱালে

ইয়াৰ সৈতেই দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দিল্লীৰ শিক্ষা ব্যৱস্থাৰ দ্বায়িত্ব হাতত লোৱাৰে পৰা বৰ্তমানৰ অৱস্থালৈ আনিবলৈ কৰিব লগীয়া হৈছিল যথেষ্ট কষ্ট । যাৰ বাবে দিল্লীত প্ৰয়োজন হৈছিল ৭ বছৰৰ । কিন্তু ইতিমধ্যে শিক্ষা লাভ কৰা আম আদমি পাৰ্টীক পাঞ্জাৱত ইয়াতকৈ কম সময়ৰ প্ৰয়োজন হ'ব বুলিও জনাই অৰৱিন্দ কেজৰিৱালে ।

উল্লেখ্য যে, দেশত বিনামূলীয়া ঋণ, ৰাজসাহাজ্যতকৈ প্ৰয়োজন শিক্ষা আৰু সংস্থাপনৰ । কোনো ৰাজনৈতিক দলে এই কথাটো অনুধাৱণ কৰি ইয়াত গুৰুত্ব আৰোপ কৰাতো সচাকৈয়ে প্ৰশংসনীয় । এতিয়া অপেক্ষা মাথো এই ঘোষণা কেৱল আগন্তুক নিৰ্বাচনকেন্দ্ৰিক অথবা মদগৰ্বী ভাষণ নে সচাকৈয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাত কোনো সলনি অনাৰ পক্ষত অৰৱিন্দ কেজৰিৱালৰ দল আম আদমী পাৰ্টী...