ৰাষ্ট্ৰীয়

আপৰ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহত ইডিৰ তালাচী

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত শনিবাৰে আপৰ এগৰাকী বিধায়কৰ বাসগৃহত ইডিয়ে চলালে তালাচী অভিযান। দিল্লীৰ আপৰ মাটিয়ালা সমষ্টিৰ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহত ইডিয়ে তলাচী চলায়।

বিধায়ক যাদৱৰ বাসগৃত কি কাৰণে ইডিয়ে তালাচী চলাইছে সেই সন্দৰ্ভত অদ্যপি জানিব পৰা হোৱা নাই। আবকাৰী নীতি কেলেংকাৰী নে অন্য কিবা কাৰণত তালাচী চলাইছে সেই বিষয়ে জানিব পৰা হোৱা নাই।

জানিব পৰা মতে এই তালাচী বিধায়কগৰাকীৰ বাসগৃহত কেইঘণ্টাও চলে বুলি আপে জানিবলৈ দিছে।