ৰাষ্ট্ৰীয়

নতুন গোচৰত কেজৰিৱাললৈ ইডিৰ চমন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে পুনৰবাৰ প্ৰেৰণ কৰিছে চমন। ৮ বাৰকৈ চমন নাকচ কৰাৰ পাছত নৱমবাৰলৈ চমন জাৰি কৰি ২১ মাৰ্চত ইডি কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। কিন্তু এইবাৰ ইডিয়ে জাৰি কৰিছে অন্য় এখন চমন।

দিল্লী জলবোৰ্ডৰ নতুন গোচৰৰ সহিতে দুটা গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীলৈ দুখন চমন প্ৰেৰণ কৰিছে ইডিয়ে। ইয়াৰ লগে লগে আম আদমী পাৰ্টীয়ে বিজেপিয়ে তীব্ৰ কটাক্ষ কৰে।

এই সন্দৰ্ভত দিল্লীৰ মন্ত্ৰী আতিশীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে,কোনোৱে নাজানে দিল্লী জলবোৰ্ডৰ কি গোচৰ আছে। লোকসভা নিৰ্বাচনৰ প্ৰচাৰত বাধা আনিবলৈ আৰু কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ এয়া কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা।

কেজৰিৱালক সোমবাৰে (১৮মাৰ্চ) দিল্লী জল বোৰ্ড গোচৰত আৰু বৃহস্পতিবাৰে সুৰা নীতিৰ গোচৰত ইডি কাৰ্যালয়ত হাজিৰ নিৰ্দেশ জাৰি কৰিছে।

শনিবাৰে দিল্লীৰ এখন আদালতে ইডিৰ চমনত সোধা-পোছাৰ বাবে হাজিৰ নোহোৱাৰ গোচৰত অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল।

আপে অভিযোগ কৰি কয় যে, ''কেন্দ্ৰ চৰকাৰ আৰু ইডিয়ে এয়া পৰিকল্পনা কৰিছে। কেজৰিৱালক আদালতে জামিন প্ৰদান কৰিছিল। এতিয়া আদালতত আইনী যুঁজ হ'ব যে ইডিয়ে প্ৰেৰণ কৰা চমন বৈধ হয় নে নহয়। কেন্দ্ৰীয় চৰকাৰে ভাবিছে যে পূৰ্বৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব, সেইবাবে এইবাৰ নতুন গোচৰত চমন জাৰি কৰিছে''।