অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন
অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন 
ৰাষ্ট্ৰীয়

৮ খন চমন নাকচঃ পুনৰ ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ অৰবিন্দ কেজৰিৱালক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ ইডিৰ চমন। ইডিয়ে বাৰে বাৰে চমন জাৰি কৰাৰ পাছতো কেজৰিৱাল সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই। ইয়াৰ মাজতে ইডিয়ে আকৌ এবাৰ কেজৰিৱালক মাতি পঠিয়াইছে আৰু ২১ মাৰ্চত কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে। এয়া কেজৰিৱাললৈ ইডিৰ নৱম চমন।

অৰবিন্দ কেজৰিৱাল শনিবাৰে দিল্লী সুৰা নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতত হাজিৰ হৈছিল। আদালতে কেজৰিৱালক ইডিৰ চমনত হাজিৰ নোহোৱাৰ বাবে তদন্ত সংস্থাৰ দ্বাৰা দাখিল কৰা দুটা গোচৰত জামিন মঞ্জুৰ কৰিছিল। আদালতে ইডিক অভিযোগ সম্পৰ্কীয় নথিপত্ৰ কেজৰিৱালক হস্তান্তৰ কৰিবলৈও নিৰ্দেশ দিছিল।

উল্লেখ্য যে, দিল্লীৰ সুৰা নীতিৰ গোচৰত ইতিমধ্যে জেলত আছে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়া। এতিয়ালৈকে জামিন লাভ কৰা নাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ ইডি কাৰ্যালয়ত হাজিৰ হ'ব নে নাই সেয়া লক্ষণীয় হ'ব।