ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে ডি ৱাই চন্দ্ৰচূড়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আজি মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ইয়াৰ লগে লগে তেওঁ হৈ পৰিলে ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ। ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে আজি তেওঁক শপত বাক্য পাঠ কৰোৱাই।

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰা ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃও আছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ ৭ বছৰ ৪ মাহ সময় ধৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰি দীৰ্ঘ সময়ৰ বাবে কাৰ্যকাল সম্পন্ন কৰা মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হৈছিল।

তেওঁ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈ ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল। আজি মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় ১০ নৱেম্বৰ, ২০২৪ লৈকে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

২০১৬ চনৰ ১৩ মে'ত ডি ৱাই চন্দ্ৰচূড়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ২০০০ চনৰ ২৯ মাৰ্চৰ পৰা ২০১৩ চনৰ ৩১ অক্টোবৰলৈ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।

তাৰ পিছত তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তকৰা হৈছিল। ন্যায়াধীশ চন্দ্ৰচূড়ক ১৯৯৮ চনৰ জুন মাহত বোম্বাই উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰিছিল আৰু একে বছৰতে অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে নিযুক্ত হৈছিল।

দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত বি এ সন্মান সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা এল এল বি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এল এল এম আৰু ফৰেনচিক বিজ্ঞানত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল।

উল্লেখ্য যে ন্যায়াধীশ চন্দ্ৰচূড় কেইবাটাও সাংবিধানিক বিচাৰপীঠ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অংশ আছিল। কেইবাটাও ঐতিহাসিক ৰায় প্ৰদানৰ লগত জড়িত আছিল।

তেনে কেইটামান ঐতিহাসিক ৰায় অযোধ্যা ভূমি বিবাদ, আই পি চিৰ ধাৰা ৩৭৭ ৰ অধীনত সমকামী সম্পৰ্ক কৰ্তৃত্বহীনকৰা, আধাৰ আঁচনিৰ বৈধতা সম্পৰ্কীয় বিষয়, শবৰীমালা সমস্যা, সেনাৰ মহিলা বিষয়াসকলক স্থায়ী কমিছন প্ৰদান আদি।