ৰাষ্ট্ৰীয়

সমকামী সকলক অন্তৰ্ভুক্ত কৰিবলৈ আইন সংশোধন কৰিব পাৰিঃ মুখ্য় ন্যায়ধীশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমকামী বিবাহৰ বৈধতা প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি হৈ আছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড়ে। তেওঁ কয় যে, সমকামী সম্পৰ্ক মাত্ৰ এটা সময়ৰ সম্পৰ্ক নহয়, এই সম্পৰ্কবোৰ চিৰকাল স্থায়ী । এই সম্পৰ্ক কেৱল শাৰীৰিক নহয়, আৱেগিকও।

তেনে ক্ষেত্ৰত ৬৯ বছৰ পুৰণি বিশেষ বিবাহ আইনৰ পৰিসৰৰ বিষয়ে বিস্তাৰ ভাৱে চৰ্চা কৰাতো ভুল নহয়। তেওঁ কয় যে, ৬৯ বছৰত সমাজ আৰু আইন বিকশিত হৈছে। স্পেচিয়েল মেৰিজ এক্টকো নতুনকৈ বিকাশ কৰিব পাৰি। ইয়াক সম্প্ৰসাৰিত কৰিব পাৰি। সমকামীসকলক অন্তৰ্ভুক্ত কৰিবলৈ আইনখন সংশোধন কৰিব পাৰি। সাংবিধানিক গেৰাণ্টিৰ ক্ষেত্ৰত একমাত্ৰ কথা হৈছে আইন সম্প্ৰসাৰণ কৰা। আমি কোনো আইনৰ মৌলিক ব্যাখ্যাৰ দ্বাৰা আবদ্ধ নহয়।

শুনানিৰ সময়ত মুখ্য ন্যায়ধীশ গৰাকীয়ে কয় যে, "প্ৰশ্নটো হ'ল এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজৰ সম্পৰ্ক ইমান মৌলিক নেকি যে আমি একে লিংগৰ মাজৰ সম্পৰ্ক অন্তৰ্ভুক্ত কৰিব নোৱাৰো ? বিশেষ বিবাহ আইন( স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪) ৰ উদ্দেশ্য আছিল উদ্দেশ্য আছিল এনে লোক সকলক বিবাহৰ অনুমতি দিয়া যিয়ে সম্পূৰ্ণৰূপে বিবাহৰ ধৰ্মীয় শাসনৰ বাহিৰত। সমকামিতাক অপৰাধৰ শ্ৰেণীৰ পৰা বাহিৰ কৰা হৈছে। এয়া এসময়ৰ সম্পৰ্ক নহয়, সেইবোৰ স্থায়ী সম্পৰ্কও। ই কেৱল শাৰীৰিকভাৱেই নহয়, আৱেগিকভাৱেও স্থিৰ।"

উল্লেখ্য যে, সমকামী বিবাহক মান্যতা প্ৰদান কৰাৰ বাবে একাংশই ন্যায়ালয়ৰ কাষ চাপিছিল। সেই আবেদনৰ ওপৰতে শুনানি হৈ আছে উচ্চতম ন্যায়ালয়ত।