ৰাষ্ট্ৰীয়

এগৰাকী যুৱতীৰ বাবে আধাৰ কাৰ্ডেই হ’ল কাল!

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজধানী চহৰ দিল্লীত সংঘটিত হ'ল এক অমানৱীয় ঘটনা। এগৰাকী যুৱতীক আধাৰ কাৰ্ড বনাই দিয়াৰ গইনা লৈ দুবৃৰ্ত্তই কৰিলে দলবদ্ধ ধৰ্ষণ। ঘটনাটো সংঘটিত হৈছিল যোৱা ১৬ ডিচেম্বৰত। দিল্লীৰ চুল্তানপুৰ থানাৰ অন্তৰ্গত এগৰাকী যুৱতীক আধাৰ কাৰ্ডৰ সকলো যাৱতীয় কাম কৰি দিয়াৰ দায়িত্ব লৈছিল এজন যুৱকে।

যুৱকজনে ১৬ ডিচেম্বৰ সন্ধিয়া নিজৰ ৰূমলৈ যুৱতী গৰাকী মাতি নি এজন বন্ধুৰ সৈতে যুৱতী গৰাকীক দলৱদ্ধ বলাৎকাৰ কৰাৰ লগতে এই সন্দৰ্ভত কাকো নজনাবলৈও ভাবুকি প্ৰদান কৰি এখন গাড়ীৰে পথত এৰি থৈ যায়। স্থানীয়লোকে সংকটজনক অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসালয়ত। ইতিমধ্যে দিল্লী আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে যুৱক দুজনক।