ৰাষ্ট্ৰীয়

বাংগালুৰুৰ অনাকাংক্ষিত ঘটনাৰ পাচতে তৎপৰ দিল্লী আৰক্ষী-প্ৰশাসন

Asomiya Pratidin

ডিজিটেল ডেস্ক : বাংগালুৰু মহানগৰৰ মাজমজিয়াত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ পাচতে ৰাজধানী চহৰ দিল্লীত আৰক্ষী-প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী। ইতিমধ্যে উক্ত ঘটনাৰ পাচতে প্ৰশাসনে ৰাজধানী চহৰখনৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

চহৰখনৰ ব্যস্ত এলেকাৰ লগতে শ্বপিংমল, বিভিন্ন প্ৰতিষ্ঠান ইত্যাদি জনবহুল এলেকাসমূহত আৰক্ষীৰ টহল অৱ্যাহত আছে। সৰোজিনী নগৰ, লাজপত নগৰ, হৌজ খাছ আৰু পাহাৰগঞ্জৰ দৰে বজাৰত আৰক্ষীক চোকা দৃষ্টি নিৱদ্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

তদুপৰি জনবহুল ঠাইসমূহত সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। ইয়াৰোপৰি কূটনৈতিক কাৰ্যকলাপ সংঘটিত কৰিব পৰা কোনো সন্দেহজন লোক দেখা পালে ততালিকে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, বাংগালুৰুৰ ৰামেশ্বৰম কেফেত সংঘটিত আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৯জনকৈ লোক। এই ঘটনাৰ পাচতে নিয়াই ঘটনাস্থলীৰ লগতে অঞ্চলটোৰ আশে-পাশে অভিযান চলাই আছে।