ৰাষ্ট্ৰীয়

হ্ৰাস পাইছে সংক্ৰমণঃ দিল্লীত ১১১জন কোভিড পজিটিভ, পজিটিভিটী হাৰ ০.১৫ শতাংশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত ক্ৰমাৎ হ্ৰাস পাই গৈ আছে নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। লগতে হ্ৰাস পাইছে ৰাজ্যখনত পজিটিভিটীৰ হাৰ। যোৱা ২৪ ঘন্টাত দিল্লীত ১১১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। তাৰ বিপৰীতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৭জন লোকৰ মৃত্যু হয়।

ৰাজধানী চহৰ দিল্লীত বৰ্তমান সময়ত পজিটিভিটী হাৰ ০.১৫ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ পাছতে ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ১৮০০ৰো তললৈ কমিছে। উল্লেখ্য যে, ৮ মাৰ্চৰ পৰা ২৩ জুনলৈকে দিল্লীত এদিনত কোৰোনাত আক্ৰান্তৰ সংখ্যা এয়াই সৰ্বনিম্ন।