কেৰালা বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ পত্ৰঃ আত্মঘাতী আক্ৰমণ কৰিব প্ৰধানমন্ত্ৰীক...

কেৰালা বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ পত্ৰঃ আত্মঘাতী আক্ৰমণ কৰিব প্ৰধানমন্ত্ৰীক...

author-image
Asomiya Pratidin
New Update
কেৰালা বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ পত্ৰঃ আত্মঘাতী আক্ৰমণ কৰিব প্ৰধানমন্ত্ৰীক...

কেৰালা বিজেপি কাৰ্যালয়লৈ দুৰ্বৃত্তৰ পত্ৰঃ আত্মঘাতী আক্ৰমণ কৰিব প্ৰধানমন্ত্ৰীক...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰাণৰ প্ৰতি ভাবুকি। কেৰালা ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনৰ বিজেপি কাৰ্যালয়লৈ প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকিৰে পত্ৰ প্ৰেৰণ কৰিলে দুৰ্বৃত্তই।

Advertisment

উল্লেখ্য যে অহা ২৪ আৰু ২৫ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোডীয়ে কেৰালা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰায় এটা সপ্তাহৰ পূৰ্বে এই পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও আজি পুৱাহে এই বিষয়ে পোহৰলৈ আহিছে।

যাৰ বাবে গোটেই বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। পত্ৰখনত কোৱা হৈছে, আত্মঘাতী আক্ৰমণৰ সন্মুখীন হ’বলাগিব প্ৰধানমন্ত্ৰী মোডী।

এই পত্ৰখন লাভ কৰাৰ পাছতে কেৰালা আৰক্ষী তথা চোৰাংচোৱা সংস্থাসমূহে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে এই মৃত্যুৰ ভাবুকিৰে প্ৰেৰণ কৰা পত্ৰখন যোচেফ জন নাডুমুথামিল নামৰ এজন ব্যক্তিৰ নামত প্ৰেৰণ কৰা হৈছে।

যোচেফ জন নাডুমুথালি এৰ্নাকুলামৰ স্থানীয় বাসিন্দা বুলিও পত্ৰখনত কোৱা হৈছে। পত্ৰখন লাভ কৰাৰ পিছতে কেৰালা বিজেপি সভাপতিয়ে ৰাজ্যখনৰ ডিজিপিলৈ পত্ৰখন হস্তান্তৰ কৰিছে।

২৪ এপ্ৰিলত কেৰালাত উপস্থিত হ’বলগীয়া নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত একাধিক অনুষ্ঠানত উপস্থিত থাকিব। তাৰ মাজতে তেওঁ অংশ ল’ব এটা ৰোড শ্ব’ত।

অনুষ্ঠানৰ তালিকাত আছে ৰাজহুৱা সভাও। গতিকে এই ভাবুকি ভৰা পত্ৰখনক লৈ স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে তেওঁৰ নিৰাপত্তাৰ দিশটোক লৈও প্ৰশ্ন উত্থাপন হৈছে।

Also Read: ভূপেন বৰাই ক'লে- মুখ্যমন্ত্ৰীৰ মতে কাম কৰিছে অংকিতা দত্তই...

কেৰালা নৰেন্দ্ৰ মোডী