ৰাষ্ট্ৰীয়

শীঘ্ৰেই ভাৰতত বিদেশী কো’ভিড ভেকচিন ফাইজাৰ আৰু মডাৰ্ণা

asomiyapratidin

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বৰ সৰ্বাধিক কোৰোনা আক্ৰান্ত্ৰৰ তালিকাৰ শীৰ্ষত আছে ভাৰতবৰ্ষ।প্ৰতি দিনে  হাজাৰ হাজাৰ লোক মৃত্যু হৈছে দেশত।মহামাৰী কোৰোনোক প্ৰতিহত কৰিবলৈ কভেক্সিন আৰু কভিছিলৰ দ্বাৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ ভাৰতৰ ১৩০ কোটি জনসাধাৰনক ভেকচিন প্ৰদান সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।সেই নিদিষ্ট উদ্দেশ্য আগত ৰাখি দেশৰ ভিন্ন প্ৰান্তত ক্ষীপ্ৰ গতিত ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। যিটো সময়ত ভাৰতত কোভিড ভেকচিন নাটনিৰ খবৰে তোলপাৰ লগাইছে, সেই সময়তে ভাৰতবাসীলৈ আহিছে এটা ভাল খবৰ।

কভেক্সিন আৰু কভিছিলৰ পাছত ভাৰতত অতি শীঘ্ৰে উপলব্ধ হ'ব বিদেশী কোভিড ভেকচিন ফাইজাৰ আৰু মডাৰ্ণা। এই ভেকচিন সোনকালে দেশলৈ অনাৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ভাৰত চৰকাৰে। উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোতি প্ৰদান কৰা ভেকছিন এতিয়াৰে পৰা ভাৰতত ব্ৰিজিং পৰীক্ষণ কৰিব নালাগে, পূৰ্বৰ নিয়ম অনুসৰি কোনো বিদেশী ভেকচিন ভাৰতলৈ অনাৰ সময়ত কেইবাটাও পৰীক্ষণ প্ৰণালীৰ মাজেৰে আগবাঢ়িব লগা হৈছিল।

কিন্তু বৰ্তমান সময়ত ভাৰতৰ ঔষধ নিয়ন্ত্ৰণ সংস্হাই ভাৰতত বিদেশী ভেকচিনৰ ক্ষেত্ৰত থকা পূৰ্বৰ পৃথক পৰীক্ষণৰ চৰ্ত উঠাই লৈছে। ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি বিদেশী কোম্পানী কেইটাই ভাৰত চৰকাৰক ক্ষতিপূৰণ আৰু পৰীক্ষণৰ পৰা ৰেহাই দিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে। ভাৰত স্বাস্থ্য মন্ত্ৰণালয়ে এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই কোভিড ভেকচিনৰ পৰীক্ষণৰ ৰেহাই দিয়াৰ কথা উল্লেখ কৰিছে যদিও, ক্ষতিপূৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে এই পৰ্যন্ত কোনো ধৰনৰ সিদ্ধান্ত সদৰী কৰা নাই।

উল্লেখনীয় যে চীনৰ কোভিড ভেকচিন চিনোভাগক ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীল ভাবে ব্যৱহাৰ কৰিব পৰাকৈ অনুমোদন জনাইছে। ডিজিচিআই পত্ৰভাৰতীয় ড্ৰাগ কন্ট্ৰোলাৰ জেনেৰেলৰ এখন পত্ৰত প্ৰকাশ পোৱা  অনুসৰি অন্য দেশ বা বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰা ভেকচিনক পুনৰ পৰীক্ষণ নকৰাকৈ ব্যৱহাৰ কৰিব পৰা যায়।

সেই দিশৰ পৰা চাবলৈ গ'লে চীনৰ ভেকচিন ভাৰতত ব্যৱহাৰ কৰাত কোনো পৰীক্ষণৰ প্ৰয়োজন নাই। অৱশ্যে বৰ্তমান সময়লৈকে ভাৰত আৰু চীনৰ মাজত কোভিডৰ ভেকচিনক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই। ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে যে- যিহেতু ভাৰতত কোভিড ভেকচিনৰ চাহিদা বহুত বেছি সেয়ে দুয়োটা বিদেশী ভেকচিন ভাৰত আহি পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব ।