কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা, দিল্লী-হাৰিয়ানা সংযোগী সকলো সীমান্ত ছীল…

কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা, দিল্লী-হাৰিয়ানা সংযোগী সকলো সীমান্ত ছীল…

author-image
asomiyapratidin
New Update
কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা, দিল্লী-হাৰিয়ানা সংযোগী সকলো সীমান্ত ছীল…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ মাজতে দিল্লী চৰকাৰে ছীল কৰি দিছে সকলো সীমান্ত। লগতে দিল্লী-হাৰিয়ানা সংযোগী সকলো সীমান্তৰ পথ ছীল কৰা হ'ব মঙলবাৰে। কেৱল পাছ থকা লোক সকলেহে অহা-যোৱা কৰিব পাৰিব এই পথসমূহেৰে। উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানা চৰকাৰে ইতিমধ্যে সোণিপট আৰু ঝজ্জৰ সীমান্ত ছীল কৰিছে।

Advertisment

চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি, দুয়োখন ৰাজ্য সংযোগী এই পথসমূহত মঙলবাৰৰ আহ-যাহ কৰাৰ বাবে প্ৰয়োজন হ'ব পাছৰ। স্বাস্থ্য কৰ্মী, সংবাদকৰ্মী আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলেও এই পাছ অবিহনে পাৰ কৰিব নোৱাৰিব এই দিল্লী-হাৰিয়ানা সংযোগী সীমান্ত।

উল্লেখযোগ্য যে, কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে দেশত। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰপ্ৰদেশৰ নইডা আৰু গাজিয়াবাদতো এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে, হাৰিয়ানাৰ এগৰাকী আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে, এতিয়ালৈকে চৰকাৰে দিল্লীৰ সৈতে সংযুক্ত সোণিপট আৰু ঝজ্জৰ সীমান্তহে ছীল কৰিছে। কিন্তু গুড়গাঁও আৰু ফৰিদাবাদ সীমান্তও ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।