ৰাষ্ট্ৰীয়

পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণ ভাৰতীয় সেনাৰ জোৱান শ্বহীদ হোৱাক লৈ দেশবাসী শোকত ভাঙি পৰা সময়তে উত্তৰাখণ্ডৰ হৰিদ্বাৰত দেখিবলৈ পোৱা গ'ল এক লজ্জাজনক দৃশ্য। শুকুৰবাৰে হৰিদ্বাৰৰ ৰুড়কীত কংগ্ৰেছৰ উদ্যোগত পুলৱামাত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে আয়োজিত এক অনুষ্ঠানত সংঘটিত হয় এই ঘটনা।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত দেখা গ'ল কংগ্ৰেছ কৰ্মীসকলে নোট দলিওৱা দৃশ্য। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটৰ পুত্ৰ বীৰেন্দ্ৰ ৰাৱটৰ সন্মুখতে কংগ্ৰেছ কৰ্মীসকলে দলিয়ালে নোট। কিন্তু আঁচৰিত কথা এই যে, এই কাৰ্যক বাধা দিয়াৰ পৰিৱৰ্তে বীৰেন্দ্ৰ ৰাৱটে হাঁহি থকাহে দেখিবলৈ পোৱা গ'ল।

ইফালে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ বীৰেন্দ্ৰ ৰাৱটে কয়- 'এয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ইয়াৰ দ্বাৰা আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জগাবলৈ চেষ্টা কৰিছো।' আনহাতে, শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুষ্ঠিত এই অনুষ্ঠানত এনেদৰে টকাৰ নোট দলিওৱা কাৰ্যক লৈ চৰ্চাৰ সৃষ্টি হৈছে সচেতন মহলত।