অপেক্ষাৰ অন্ত! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চিদ্দাৰামায়াই...
অপেক্ষাৰ অন্ত! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চিদ্দাৰামায়াই... 
ৰাষ্ট্ৰীয়

অপেক্ষাৰ অন্ত! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চিদ্দাৰামায়াই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অপেক্ষাৰ পৰিল অন্ত। অৱশেষত নিশ্চিত হ'ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম। চাৰি দিন ধৰি চলা আলোচনাৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছে ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম।

চিদ্দাৰামায়াক মুখ্যমন্ত্ৰী আৰু ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষনা কৰিব কংগ্ৰেছে। সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। লগতে দুয়োগৰাকীয়ে শপত ল'ব শনিবাৰে।

শিৱকুমাৰৰ ঘনিষ্ঠ সূত্ৰই কৈছে যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীৰ হস্তক্ষেপৰ পিছত তেওঁ উপ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে। দলৰ স্বাৰ্থত তেওঁ এই ত্যাগ কৰিবলৈ সাজু হৈছে।

ইয়াৰ পূৰ্বে চিদ্দাৰামায়ই ২০১৩ চনত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ঘোষণা কৰিছিল যে এয়াই তেওঁৰ অন্তিমখন নিৰ্বাচন। ৭৫ বছৰীয়া চিদ্দাৰামায়া বিধায়ক, বিত্তমন্ত্ৰী , উপ-মুখ্যমন্ত্ৰী আদি পদতো আছিল। চিদ্দাৰামায়া কৰ্ণাটকৰ ৰাজনীতিত এটা ডাঙৰ নাম।

উল্লেখ্য যে, চিদ্দাৰামায়াৰ তলত কাম কৰাৰ বাবে প্ৰথম পৰ্যায়ক সন্মতি প্ৰদান কৰা নাছিল ডি কে শিৱকুমাৰে। অৱশ্যে তেওঁ আজি কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'লে। দলটোৰ এই সিদ্ধান্তই পৰৱৰ্তী সময়ত কৰ্ণাটকৰ ৰাজনীতিত কিবা প্ৰভাৱ পেলাবনে সেয়া হ'ব লক্ষণীয়।