ৰাষ্ট্ৰীয়

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ, ভাঙিলে আচবাব…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছলমান খুৰ্ছীদৰ বাসগৃহৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰা ঘটনা পোহৰলৈ আহিছে। অযোধ্যাত তেওঁৰ এখন গ্ৰন্থ উন্মোচন হোৱাৰ পাছত আৰু এই কিতাপখনক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ পাছতেই সংঘটিত হয় এই ঘটনা। ছ'চিয়েল মিডিয়াত কংগ্ৰেছ নেতাগৰাকীয়ে নেনীতালস্থিত বাসগৃহত দুৰ্বৃত্তই আচবাব লণ্ড ভণ্ড কৰা আৰু ঘৰটোত অগ্নি সংযোগ কৰাৰ ফটো শ্বেয়াৰ কৰিছে।

ছ'চিয়েল মিডিয়াত আপলোড কৰা ফটো কেইখনত দেখা গৈছে যে দুজন লোকে এই জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে। উল্লেখযোগ্য যে, কংগ্ৰেছ নেতাগৰাকীৰ Sunrise Over Ayodhya: Nationhood in Our Times শীৰ্ষক কিতাপখন উন্মোচন হোৱাৰ পাছতেই এই ঘটনা সংঘটিত হয়।