ৰাষ্ট্ৰীয়

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীলৈ শিল নিক্ষেপ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : নিৰ্বাচনী প্ৰচাৰ সভাৰ সময়চোৱাতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডী। শনিবাৰে নিশা বিজয়ৱাৰাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভা সম্বোধন কৰি বাছেৰে ওভতাৰ পথত অচিনাক্ত দুৰ্বৃত্তই মুখ্যমন্ত্ৰীগৰাকীৰ গালৈ শিলগুটি নিক্ষেপ কৰে। ফলত মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে কপালত সামান্য পৰিমাণে আঘাত পায়।

আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ কাষতে থকা এগৰাকী বিধায়কেও এই আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ লগে লগেই আঘাতপ্ৰাপ্ত জগনমোহন ৰেড্ডী আৰু বিধায়কগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

চিকিৎসকে জনোৱা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীৰ আঘাত গুৰুতৰ নহয়। ৰক্তক্ষৰণ হৈছে যদিও সামান্য পৰিমাণেহে কপালত আঘাত পাইছে। চিকিৎসাৰ কিছুসময় পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নিৰ্বাচনী সভাত অংশ লোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অৱ্যাহত ৰাখিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মুখ্যমন্ত্ৰী ৰেড্ডীসহ দলৰ আন আন নেতা-কৰ্মীয়ে জনতাক সম্বোধন কৰাৰ উদ্দেশ্যেই বিজয়ৱাৰৰ পৰা বাছেৰে যাত্ৰা কৰিছিল।