ৰাষ্ট্ৰীয়

লকডাউনৰ মাজতে দিল্লীত দুই ফৈদৰ সংঘৰ্ষত এজনৰ মৃত্যু… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ মাজতে দিল্লীত দুই ফৈদৰ মাজত সংঘটিত হয় সংঘৰ্ষ। এই সংঘৰ্ষই অতি ভয়াৱহ ৰূপ ধাৰণ কৰে পাছলৈ। দৰাচলতে ৰাজ্যখনৰ জাহাংগীৰপুৰী এলেকাত দুটা ফৈদৰ মাজত সোমবাৰে সংঘটিত হয় মাৰপিটৰ ঘটনা। এই সংঘৰ্ষত এজন লোকে প্ৰাণ হেৰুৱায়। ইফালে, মৃত্যু হোৱা ব্যক্তিগৰাকীৰ পিতৃও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, জাহাংগীৰপুৰী এলেকাত বাস কৰা ফৰহত নামৰ এজন লোকৰ সৈতে ছাবাজ, মহম্মদ ছকিল আৰু গলু নামৰ ব্যক্তিকেইজনৰ কোনো বিষয়ক লৈ কথাৰ কটাকটি হয়। আৰু পাছলৈ ই এক ভয়াৱহ ৰূপ ধাৰণ কৰে। আৰু এই সংঘৰ্ষত ফৰহত নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ লগতে পিতৃ ৰাহত বুৰী গুৰুতৰভাৱে আহত হয়।