ৰাষ্ট্ৰীয়

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত চিআইএছএফৰ নতুন গাইডলাইন…

asomiyapratidin

ডিজিটেল ডেস্কঃ চিআইএছএফৰ বিষয়া-কৰ্মচাৰীসকলে ব্যৱহাৰ কৰা ছ'চিয়েল মিডিয়াৰ সকলো একাউণ্টৰ সন্দৰ্ভত নতুন গাইডলাইন জাৰি কৰা হৈছে। ৩১ জুলাইত দিয়া এই গাইডলাইন অনুসৰি- টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবকে ধৰি যিবোৰ একাউণ্টত চিআইএছএফৰ কৰ্মীয়ে খুলি ৰখা একাউণ্টসমূহ বন্ধ কৰিব লাগিব।

লগতে গাইলাইনত লিখা আছে যে, যদি কোনো চিআইএছএফৰ জোৱানে ছ'চিয়েল মিডিয়াত নতুনকৈ একাউণ্ট খুলিব বিচাৰে বা পুৰণি আই ডি সলনি কৰিব বিচাৰে তেন্তে তেওঁলোকে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক জনাব লাগিব। তদুপৰি কোনো জোৱানে ভুৱা নাম ব্যৱহাৰ কৰিও খুলিব নোৱাৰিব কোনো ছ'চিয়েল মিডিয়াৰ একাউণ্ট।

অনলাইন প্লেটফৰ্ম অৰ্থাৎ ছ'চিয়েল মিডিয়াত থকা একাউণ্টৰ জৰিয়তে কোনো চৰকাৰী বিষয়ক লৈ সমালোচনা কৰিব নোৱাৰিব। তদুপৰি টুইটাৰ, ফেচবুক আদিত কোনো ধৰণৰ বিভাগৰ বিৰুদ্ধে আপত্তিও কৰিব নোৱাৰিব চিআইএছএফৰ জোৱানসকলে।