ৰাষ্ট্ৰীয়

কয়লা কেলেংকাৰী, দুগৰাকী বিধায়কসহ এগৰাকী আই এছ বিষয়াৰ মুঠ ৫১ কোটি টকা জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ কয়লা কেলেংকাৰীয়ে জোকাৰিছে সমগ্ৰ দেশ । মূল অভিযুক্ত বৰ্তমানেও ৰায়পুৰ কেন্দ্ৰীয় কাৰাগাৰত আছে ।

দেওবাৰে কয়লা কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত কংগ্ৰেছ বিধায়ক দেৱেন্দ্ৰ যাদৱ আৰু চন্দ্ৰদেৱ প্ৰসাদ ৰায় আৰু প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ ৰাম গোপাল আগৰৱালাকে ধৰি আই এছ বিষয়া ৰাণু চাহুৰ সম্পতি জব্দ কৰিছে আৰক্ষীয়ে ।

ইডিয়ে মঙলবাৰে বিষয়টো সন্দৰ্ভত জনায় যে গোচৰটোৰ সন্দৰ্ভত স্থাৱৰ সম্পত্তি, ব্যয়বহুল বাহন, গহনা আৰু নগদ ৫১ কোটি টকা জব্দ কৰিছে।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জনায় যে আইএএছ বিষয়া ৰাণু চাহু, কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰী, লগতে আৰ পি সিং আৰু বিনোদ তিৱাৰীৰ সম্পত্তিও মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) ধাৰাৰ অধীনত জব্দ কৰা হৈছে।

তদন্তকাৰী সংস্থাটোৱে মঙলবাৰে জনাছে যে কয়লা ব্যৱসায়ী সূৰ্যকান্ত তিৱাৰীৰ সৈতে অভিযুপক্ত ব্যক্তিসকলৰ বিত্তীয় সম্পৰ্কৰ লেন-দেনৰ তথ্য লাভ কৰিছে ৷

ইয়াৰ পূৰ্বেই ইডিয়ে আইএএছ বিষয়া সমীৰ বিষ্ণোই আৰু ৰাজ্যিক সেৱাৰ আমোলা সৌম্য চৌৰাছিয়াৰ সম্পত্তি জব্দ কৰিছিল।

ইডিয়ে জনোৱা অনুসৰি সূৰ্যকান্ত তিৱাৰী হৈছে কয়লা কেলেংকাৰীৰ মূল অভিযুক্ত ৷ সূৰ্যকান্ত বৰ্তমানে ৰায়পুৰ কেন্দ্ৰীয় কাৰাগাৰত আছে ৷

উল্লেখ যোগ্য যে ৰাজ্যখনত ইডিয়ে বৰ্তমানলৈকে কয়লা কেলেংকাৰী, অবৈধ ধন দাবী গোচৰত ২২১ কোটি টকাৰ সম্পতি জব্দ কৰিছে ৷